![]()
নিউজ ডেস্কঃ
চীনৰ চাংহাই চহৰত ২৮ ঘণ্টা ৪৫ মিনিটৰ ভিতৰত এটা ১০ মহলীয়া অট্টালিকা নিৰ্মাণ কৰিছে ব্রড গ্রুপ নামৰ এটি কোম্পানীয়ে।

কোম্পানীটোৱে জনাইছে, আগৰ পৰাই পৰিকল্পনা অনুসৰি সম্পূৰ্ণ আন্তঃগাঁঠনি নিৰ্মাণ কৰা হৈছিল ঘৰটোৰ। অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰি ঘৰটো নিৰ্মাণ কৰা হৈছে। আন্তঃগাঁঠনি পূৰ্বৰ পৰাই তৈয়াৰ হৈ থকাত সময়ও ৰাহি হৈছে। ফলত এটা দিনৰ ভিতৰতেই সম্পূৰ্ণ ঘৰটো থিয় কৰোৱা সম্ভৱ হৈছে বুলি কোম্পানীটোৰ এজন বিষয়াই জনাইছে।
অৱশ্যে কোম্পানীটোৰ অভয় বাণী, ইমান কম সময়ৰ ভিতৰত নিৰ্মাণ কৰা হ’লেও ঘৰটো যথেষ্ট মজবুত আৰু ভূমিকম্পন প্রতিৰোধী। ইয়াৰ উপৰি ঘৰটোৰ প্রতিটো অংশ খুলি অন্য ঠাইলৈ আঁতৰাই লৈ যাবও পাৰি।












