![]()
নিউজ ডেস্কঃ
২৬/১১-ৰ কায়দাত আকৌ কূটাঘাত হ’ব নেকি? তেনে আশঙ্কাই দেখা দিছে। কাৰণ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা এনআইএৰ কাৰ্যালয়লৈ এই সংক্রান্তীয় ভাবুকিৰ এটি ফোন অহা বুলি খবৰ পোৱা গৈছে। সূত্রৰ খবৰ মতে, এনআইএৰ দিল্লী কাৰ্যালয়লৈ এটি ফোন আহিছিল এই মাহতেই। নিজকে প্রকাশ সৰকাৰ বুলি জনাই এজন ব্যক্তিয়ে কয়, কুখ্যাত ২৬/১১-ৰ কায়দাত দেশত পুনৰ আক্ৰমণ হ’ব। ব্যক্তিজনে লগতে ইয়াকো জনায় যে পাকিস্তানৰ সহায়তে ইতিমধ্যে নেপাল আৰু বাংলাদেশৰ পৰা চোৰাং পথেৰে আগ্নেয়াস্ত্র আৰু গোলাবাৰুদ ভাৰতত সোমাই পৰিছে। হ’ব পাৰে আইইডি বিস্ফোৰণ।
এই ভাবুকিক সহজভাৱে ন’লৈ তৎক্ষণাত কামত লাগি পৰে চোৰাংচোৱা কাৰ্যালয়। ফোন কল ট্ৰেক কৰি জনা যায় যে ফোন কলটি আহিছিল নদিয়াৰ ৰাণাঘাট এলেকাৰ পৰা। পশ্চিমবঙ্গ আৰক্ষীক ইয়াৰ মাজতে সতর্ক কৰি দিয়া হৈছে। ফোন কলৰ নম্বৰটি কাৰ তাৰ সন্ধান চলিছে। ভাবুকিৰ সত্যতা কিমান, সেয়াও পৰীক্ষা কৰা হৈছে।












