![]()
নিউজ ডেস্কঃ
কোভিডত দেশত মৃত্যু হৈছে লাখ লাখ মানুহ। মৃতকৰ পৰিয়ালবোৰক ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়। ছুপ্রিম কোর্টক এই কথা জনালে কেন্দ্রীয় চৰকাৰে। মহামাৰী আৰু কম ৰাজহ আদায়ৰ কাৰণে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহ তীব্ৰ আর্থিক চাপত আছে। ইয়াৰ মাজতে কোভিডত মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ তেওঁলোকে দিব নোৱাৰিব।
গৌৰৱ বানছাল আৰু ৰিপক বানছাল নামৰ দুজন অধিবক্তাই ছুপ্রিম কোর্টত এখন পিটিচন কৰিছিল। তাত আবেদন জনায়, কোভিডত মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ক কেন্দ্রীয় চৰকাৰে। ২৪ মে’ত এই বিষয়ত কেন্দ্রৰ মতামত জানিব বিচাৰে ছুপ্রিম কোর্টে। ১৯ জুনত শপতনামা দাখিল কৰি কেন্দ্রই জনায় যে ক্ষতিপূৰণ দিয়াটো সম্ভৱ নহয়।
উল্লেখ্য, ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনত ১২টা দুৰ্যোগক চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত আছে ভূমিকম্প, বানপানী ইত্যাদি। এইবোৰত প্রাণ হেৰুৱালে মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ বাধ্য কেন্দ্র। ১৮৭ পৃষ্ঠাৰ শপতনামাত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে জনাইছে, কোভিড মহামাৰী অন্য ১২টা প্রাকৃতিক দুৰ্যোগতকৈ সম্পূৰ্ণ পৃথক। সেয়ে কোভিডত মৃতকৰ পৰিয়ালক এই ক্ষতিপূৰণ দিয়া সম্ভৱ নহয়।
তাৰ উপৰি কেন্দ্র আৰু ৰাজ্য চৰকাৰবোৰ বৰ্তমান আর্থিক সঙ্কটত আছে। ৰাজহ কম আদায় হৈছে। স্বাস্থ্য খণ্ডত বেছি খৰচ হৈছে। এই পৰিস্থিতিত ক্ষতিপূৰণ দিলে সেয়া চৰকাৰৰ এই বিত্তীয় বর্ষৰ বাজেটৰ বাহিৰলৈ গুচি যাব।












