![]()
নিউজ ডেস্কঃ
সাত বছৰত ভৰি দিলে বিশ্ব যোগ দিৱসে। এই উপলক্ষে নিউয়র্কৰ টাইম স্কোৱেৰত প্রতিবাৰৰ দৰে এইবাৰো আড়ম্বৰপূৰ্ণভাৱে উদযাপন হয় যোগ দিৱস। যোগাভ্যাস কৰিলে প্রায় ৩০০০ লোকে। এইবাৰৰ থিম আছিল ‘ছলষ্টাইছ ইন টাইম স্কোৱেৰ ২০২১’। ইয়াৰ উদ্যোগ লৈছিল নিউয়র্কৰ ভাৰতীয় কনছুলেট জেনেৰেল।
নিউয়র্কৰ ভাৰতীয় কনছুল জেনেৰেল ৰণধীৰ জয়ছোৱালে কয়, ‘যোগৰ জন্ম ভাৰতত। কিন্তু আজি সেয়া সমগ্ৰ পৃথিৱীৰ ঐতিহ্যৰ অংশ। স্বাস্থ্য, ভালে থকা আৰু প্রকৃতিৰ সৈতে সাহচর্যই প্রকাশ কৰে যোগ। শান্তিপূর্ণ সমাজ, সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ বাবে দৈনিক যোগাভ্যাস জৰুৰী।’
টাইম স্কোৱেৰত পুৱা ৭.৩০ বজাৰ পৰা নিশা ৮.৩০ বজা পর্যন্ত যোগাভ্যাস চলে নটা পৰ্যায়ত। আনহাতে, নিউ জাৰ্চিতো যোগ দিৱস পালন কৰা বুলি জানিব পৰা গৈছে।












