![]()
নিউজ ডেস্কঃ
বৰফেৰে আবৃত পাহাৰ। লগত পেংগং হ্রদ। হাড় কঁপোৱা ঠাণ্ডা বতাহ বলিছে। তাৰ মাজতেই যোগাভ্যাস কৰিলে ইণ্ডো–তিব্বেটান বর্ডাৰ পুলিচ (আইটিবিপি)-এ। ১৮ হাজাৰ ফুট উচ্চতাত লাডাখত সোমবাৰে যোগ দিৱস উদযাপন কৰে আইটিবিপিৰ হিমবীৰ শাখাই।
অৱশ্যে এয়াই প্রথম নহয়। প্রতি বছৰেই যোগ দিৱসত যোগভ্যাস কৰে ভাৰতৰ সীমান্তৰক্ষাৰ দায়িত্বত থকা এই জোৱানসকলে। প্রতিকূল পৰিবেশতো বাদ নিদিয়ে তেওঁলোকে এই অভ্যাস। উত্তৰত হিমালয়ৰ পৰা দক্ষিণে কন্যাকুমাৰী— দেশৰ সকলোতেই পালিত হয় যোগ দিৱস। এই বছৰ আন্তৰ্জাতিক যোগ দিৱসে ভৰি দিলে সাত বছৰত।
সোমবাৰে বিশ্ব যোগ দিৱস দেশবাসীক যোগৰ জৰিয়তে কৰোনা নিৰাময়ৰ বার্তা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্রধানমন্ত্রীয়ে লগতে জনায়, ৰাষ্ট্রসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে যৌথ উদ্যোগত এম–যোগ এপ আৰম্ভ কৰিব ভাৰতে। যোগৰ যাৱতীয় নিয়মাৱলী আৰু পৰামর্শ উপলব্ধ হ’ব উক্ত এপত। থাকিব প্রশিক্ষণৰ ভিডিও।












