![]()
নিউজ ডেস্কঃ
২১ জুনৰ পৰা টীকাকৰণৰে নতুন নীতি প্ৰৱৰ্তন কৰিলে কেন্দ্রই। আজিৰ পৰা দেশত ১৮ বছৰৰ বেছি বয়সীয়াসকলে বিনামূল্যে টীকা পাব। আৰু আজিৰ দিনটোতে দেশত ৰেকর্ড সংখ্যক মানুহে টীকা পালে। আজিৰ দিনটোত ৭৫ লাখ লোকে কোভিড টীকা পালে দেশত। যিটো এই পর্যন্ত এটা দিনত সর্বাধিক। ইয়াৰ আগতে ২ এপ্রিলত দেশত ৪২ লাখ ৬৫ হাজাৰ ১৫৭ জনে টীকা লাভ কৰিছিল। ইমান দিনে সেইটোৱেই ৰেকৰ্ড আছিল। এইবাৰ সেই ৰেকর্ড ভাঙিল। কেৱল হাৰিয়ানাতেই ২ লাখ লোকক টীকা দিয়া হৈছে সোমবাৰে।
উল্লেখযোগ্য যে দেশত টীকাকৰণৰ হাৰত পিছ পৰি থকা অসমত আগন্তুক ১০ দিনত দৈনিক ৩ লাখকৈ টীকা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। কর্নাটকে লক্ষ্য লৈছে দৈনিক ৭ লাখকৈ টীকা প্ৰদানৰ।
আনহাতে, দেওবাৰে কেন্দ্রই জনোৱা মতে, এই পর্যন্ত ৰাজ্যবোৰক টীকাৰ ২৯ কোটি ১০ লক্ষ পালি কেন্দ্ৰই বিনামূল্যে দিছে। ৩.০৬ কোটি এতিয়াও ৰাজ্যৰ হাতত আছে। অহা তিনি দিনত ২৪ লক্ষ ৫৩ হাজাৰ ৮০ পালি টীকা ৰাজ্যবোৰক দিয়া হ’ব।












