![]()
নিউজ ডেস্কঃ
দেশৰে কৰোনা পৰিস্থিতি এতিয়াও নিয়ন্ত্রণলৈ অহা নাই। আৰু সেয়ে এইবাৰো বাতিল হ’ল অমৰনাথ যাত্রা। অৱশ্যে ভক্তসকলৰ বাবে অনলাইন আৰতিৰ ব্যৱস্থা থাকিব, যিটো যোৱাবাৰো আছিল। মন্দিৰ কর্তৃপক্ষৰ সৈতে একাধিক বৈঠকৰ পিছত এই সিদ্ধান্তৰ কথা জনাইছে জম্মু–কাশ্মীৰৰ লেফটেনেন্ট গভর্নৰ মনোজ সিনহাই।
এই বছৰ ২৮ জুনৰ পৰা ৫৬ দিনৰ অমৰনাথ যাত্রা আৰম্ভ হোৱাৰ কথা আছিল। শিৱৰ উক্ত গুহামন্দিৰ দর্শন কৰিবলৈ প্রত্যেক বছৰে হাজাৰ হাজাৰ ভক্ত তালৈ যায়। ভূস্বর্গৰ লিদাৰ উপত্যকাত প্রায় ৩ হাজাৰ ৮৮৮ মিটাৰ উচ্চতাত আছে অমৰনাথৰ গুহা।
কৰোনা পৰিবেশত লক্ষ লক্ষ মানুহৰ সমাগমত সংক্রমণ বৃদ্ধিৰ আশঙ্কাৰ কথা বিবেচনা কৰিয়েই এই বছৰৰ অমৰনাথ যাত্রা বাতিল কৰা হয়। পৰিস্থিতি ঠিক হ’লে অহা বছৰ হ’ব অমৰনাথ যাত্রা।












