![]()
নিউজ ডেস্কঃ
পুনৰ শিৰোনামত যোগী ৰাজ্য। আকৌ নিগ্রহৰ চিকাৰ শিশুকন্যা। এইবাৰ ডিঙি চেপি হত্যা ৮ বছৰীয়া শিশুক। আৰক্ষীৰ সন্দেহ, হত্যাৰ পূৰ্বে ধর্ষণ কৰাও হৈছিল শিশুটিক। শিশুটিৰ দেহত আঘাতৰ চিন দেখি আৰক্ষীৰ এই ধাৰণা হৈছে। পছকো আইনত ধর্ষণৰ গোচৰো ৰুজু কৰা হৈছে।
উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ১২০ কিলোমিটাৰ দূৰৈৰ খেৰিৰ ঘটনা এয়া। দেওবাৰে নিশা কুঁহিয়াৰ খেতিত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুটিৰ আইতাকে জনোৱা মতে, দেওবাৰে পুৱা তেওঁৰ সৈতে ছাগলী চৰাবলৈ গৈছিল শিশুটি। দুপৰীয়া সময়ত ভাগৰ লগা বুলি কৈ শিশুটি ঘৰলৈ আহে।
কিন্তু সন্ধিয়া সময়ত আইতাকে ঘৰলৈ আহি দেখে নাতিনীয়েক ঘৰত নাই । প্রথমতে তেওঁলোকৰ অনুমান হয় ওচৰত চলি থকা এখন বিয়ালৈ যোৱা বুলি৷ কিন্তু গৈয়ো সন্ধান নাপায় শিশুটিৰ। পিছত নিশাৰ ভাগত খেতিপথাৰত উদ্ধাৰ হয় মৃতদেহ। পিন্ধি থকা কাপোৰেৰেই ডিঙি চেপি হত্যা কৰা হৈছিল শিশুটিক। ভৰি বন্ধা অৱস্থাত আছিল।
উল্লেখ্য, শিশুটিৰ পিতৃয়ে বেলেগ ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰে৷ তিনিটা সন্তানৰ ভিতৰত উক্ত শিশুটি ডাঙৰ। অৱশ্যে পেষ্টমৰ্টেম ৰিপোৰ্টত ধৰ্ষণ সন্দৰ্ভত কোনো কথা উল্লেখ নাই বুলি আৰক্ষীয়ে জনাইছে৷ কিন্তু শৰীৰত থকা দাগৰ ওপৰত ভিত্তি কৰি পছকো আইনৰ অধীনত ধর্ষণৰ গোচৰ ৰুজু কৰা হৈছে।












