![]()
নিউজ ডেস্কঃ
ইউৰোপৰ যিবোৰ দেশত সকলোতকৈ বেছি কৰোনাৰ সংহাৰ চলিছিল, তাৰ ভিতৰত ইটালি অন্যতম। কিন্তু কৰোনা পৰিৱেশৰ মাজতেই সোমবাৰে স্বস্তিৰ খবৰ ঘোষণা কৰিলে ইটালিৰ স্বাস্থ্য বিভাগে। অহা সপ্তাহ অর্থাৎ ২৮ জুনৰ পৰা দেশখনত মাস্ক পিন্ধাটো বাধ্যতামূলক নহয়। মাস্ক অবিহনেই বাহিৰলৈ ওলাব পাৰিব দেশবাসী। বিশেষজ্ঞসকলৰ সৈতে এখনৰ পিছত আনখন বৈঠকৰ পিছত তেওঁলোকৰ ধাৰণা, ২৮ জুনৰ পৰা ইটালিৰ অধিকাংশ এলেকা ‘হোৱাইট জোন’ৰ অন্তর্গত হৈ পৰিব। ইটালিৰ স্বাস্থ্যমন্ত্রী ৰবাৰ্টো স্পেৰাঞ্জাই ঘোষণা কৰে যে কোনো ডাঙৰ গণসমাবেশ, য’ৰ পৰা ভাইৰাছ বিয়পি পৰাৰ আশঙ্কা আছে, তাত মাস্ক পৰিধান কৰা উচিত।
দেশখনৰ স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুযায়ী, সোমবাৰে সমগ্ৰ ইটালিত কৰোনাত নতুনকৈ সংক্রমিত হৈছে ৪৯৫ জন। আৰু কৰোনাৰ চিকাৰ হৈছে মুঠ ২১ জন। দেশখনত বৰ্তমান কৰোনা সংক্ৰমণৰ নতুন আশঙ্কাও তেনেদৰে নাই। হোৱাইট জোনৰ অধীনত পৰা অঞ্চলবোৰত ইতিমধ্যে বজাৰ, দোকান, ৰেস্তোৰাঁ, শ্বপিং মল আদি খোলা ঘোষণা কৰা হৈছে।
উল্লেখ্য, অতিমাৰিৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ ইটালিত কৰোনাত মৃত্যু হৈছে ১ লক্ষ ২৭ হাজাৰ ২৯১ জনৰ। ৪.২৫ মিলিয়ন সংক্রমিত হৈছিল দেশজুৰি।












