![]()
নিউজ ডেস্কঃ
যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ’লে তাক মোকাবিলা কৰিবলৈ নৌবাহিনী প্রস্তুত হয়নে নহয় সেই শক্তি পৰীক্ষা কৰি চালে আমেৰিকাই।
আটলাণ্টিক মহাসাগৰৰ গৰ্ভত ১৮ হাজাৰ কেজিৰ বোমা বিস্ফোৰণ ঘটাই উক্ত মকড্ৰিল সম্পূর্ণ কৰে আমেৰিকাৰ নৌবাহিনীৰ যুদ্ধজাহাজ জেৰাল্ড আৰ ফোর্ডে (চিভিএন ৭৮)। এক বিবৃতিত আমেৰিকান নৌবাহিনীয়ে জনাইছে, পূব উপকূলত এই শক্তি পৰীক্ষা কৰা হৈছে। অৱশ্যে সামুদ্রিক জীৱন আৰু পৰিবেশৰ কথা মনত ৰাখি সকলো সুৰক্ষা গ্ৰহণ কৰিয়ে এই শক্তি পৰীক্ষা কৰা বুলি প্ৰকাশ।
১৮ হাজাৰ কেজিৰ বোমা ফুটিলে তাৰ তীব্রতা কিমান ভয়ানক হ’ব পাৰে সেই দৃশ্য ধৰা পৰিছে আমেৰিকাৰ নৌবাহিনীৰ কেমেৰাত। ইয়াৰ পূৰ্বে এনে ধৰণৰ মকড্ৰিল চলোৱা হৈছিল ২০০৮ চনত।












