নিউজ ডেস্কঃ
ধর্ষণ আৰু মহিলাই স্বল্পবস্ত্ৰ পৰিধানৰ মাজত যিসকলে এতিয়াও সম্পর্ক বিচাৰি নাপায়, তেওঁলোকৰ ভিতৰত পাকিস্তানৰ প্রধানমন্ত্রী ইমৰাণ খানো এজন। পিছে ধর্ষণৰ প্রসঙ্গত মহিলাসকলৰ আচৰণৰ প্ৰতি আঙুলি দেখুৱাই পুনৰ বিপাকত পৰিল ইমাৰান খান। এইবাৰ ফেচবুক, টুইটাৰত ইমৰানক আক্ৰমণ কৰি পোষ্ট দিলে লেখিকা তছলিমা নাচৰিনে। প্রধানমন্ত্রী হোৱাৰ পূৰ্বে পাকিস্তানৰ ক্রিকেট দলৰ অধিনায়ক আছিল তেওঁ। সুর্দশন ক্রিকেটাৰ হিচাবে বিশ্বৰ মহিলা সমাজত তেওঁ অতি জনপ্রিয় আছিল। সেই সময়ৰ ইমৰানৰ খালি গাৰ এখন ছবি শ্বেয়াৰ কৰিছে তছলিমাই। কেৱল শৰীৰৰ উর্ধ্বভাগহে দেখা গৈছে তাত। ছবিৰ কেপচনত লেখিকাগৰাকীয়ে লিখিছে, ‘পুৰুষে স্বল্প পোছাক পিন্ধিলে মহিলাসকলৰ মনো চঞ্চল হয়, যদি নহয় তেওঁলোক ৰবট হয়।’
উল্লেখ্য, সম্প্রতি দেশত ধর্ষণৰ ঘটনা বৃদ্ধি পোৱাত মহিলাসকলে স্বল্পবস্ত্ৰ পৰিধানকেই দোষী কৰিছে ইমৰান খানে। এক সংবাদ মাধ্যমত প্রধানমন্ত্রীজনে কৈছিল, ‘স্বল্পবস্ত্ৰ পিন্ধা কোনো মহিলাক দেখি পুৰুষসকল উত্তেজিত হোৱাটো স্বাভাবিক। যদি নহয় তেওঁলোক ৰবট হয় !’ আধুনিক বিশ্বত থাকিও স্বল্পবস্ত্ৰক ধর্ষণৰ কাৰণ হিচাবে দোষ দিয়াত তেওঁৰ বিৰুদ্ধে সৰৱ হয় নাৰীবাদীসকল! তাৰেই প্ৰত্যুত্তৰ হিচাবে তছলিমাই এই পোষ্টটি দিয়ে। ইয়াৰ সমর্থন জনাইছে দেশ-বিদেশৰ বহু লোকে।












