![]()
নিউজ ডেস্কঃ
আণ্ডাৰ ৱর্ল্ড ডন ডাউদ ইব্রাহিমৰ ভাতৃ ইকবাল কাছকৰক মাদকদ্ৰব্য সৰবৰাহৰ গোচৰত গ্রেপ্তাৰ কৰে মুম্বাইৰ নাৰকোটিক কন্ট্রোল ব্যুৰ’ই (এনচিবি)৷ বুধবাৰে ইকবালক মুম্বাইৰ পৰা গ্রেপ্তাৰ কৰে এনচিবিয়ে।
এনচিবিৰ সূত্র মতে, কাছকৰৰ পৰা ২৫ কেজি চৰছ উদ্ধাৰ হৈছে। এই মাদকদ্ৰব্য জম্মু-কাশ্মীৰৰ পৰা পঞ্জাবলৈ সৰবৰাহ কৰা হৈছিল। তাৰ পৰা মুম্বাইলৈ সৰবৰাহ কৰাৰ কথা আছিল।
উল্লেখ্য, মুম্বাইত মাদকদ্ৰব্য সংক্রান্ত বিষয়ত যোৱা বছৰৰ পৰাই তদন্ত চলাই আছে এনচিবিয়ে। কাছকৰক ইয়াৰ আগতেও বহুবাৰ মাদকদ্ৰব্য সৰবৰাহ সংক্রান্তীয় বিষয়ত জেৰা কৰিছে এনচিবিয়ে।












