![]()
নিউজ ডেস্কঃ
পাকিস্তানৰ লাহোৰত জনবসতি অঞ্চলত হোৱা বিস্ফোৰণত প্রাণ হেৰুৱালে ৩ জনে। আহত হৈছে প্ৰায় ১৭ জন। পঞ্জাব প্রদেশৰ আৰক্ষীয়ে জনাইছে, বিস্ফোৰণস্থলীৰ কাষতেই আছে নিষিদ্ধ সংগঠন লস্কৰ–ই–তৈবা, জামাত–উদ–দাৱা (জেইউডি) প্রধান হাফিজ চৈয়দৰ ঘৰ। ২০০৮ মুম্বাই আক্ৰমণৰ নেপথ্যত আছে এই হাফিজ চৈয়দ।
পঞ্জাব আৰক্ষীৰ আইজি ইনাম ঘানিয়ে জনোৱা মতে, বিস্ফোৰণৰ সময়ত চৈয়দৰ ঘৰত আৰক্ষীৰ প্রহৰা আছিল। পঞ্জাবৰ মুখ্যমন্ত্রী ওচমান বাজদাৰে ঘটনাৰ ৰিপোর্ট বিচাৰিছে।
বুধবাৰে পুৱা লাহোৰৰ জোহৰ টাউনৰ বসতি অঞ্চলত বিস্ফোৰণটি সংঘটিত হয়। অৱশ্যে বিস্ফোৰণ কেনেদৰে সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই। কোনো সন্ত্ৰাসবাদী সংগঠনেও ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই।












