![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ মথুৰাত ১৭ বছৰীয়া এগৰাকী কিশোৰীক ছাদৰ পৰা পেলাই দিলে নিৰ্যাতনকাৰীয়ে। বৰ্তমান হস্পিটেলত মৃত্যুৰ সৈতে যুঁজিছে কিশোৰীগৰাকীয়ে। কিশোৰীগৰাকীক ছাদৰ পৰা পেলাই দিয়াৰ ভিডিও প্রকাশ হৈছে ছচিয়েল মিডিয়াত। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
সোমবাৰে নিশা মথুৰাৰ ছাথা এলেকাত ঘটে এই ঘটনা। মথুৰা গ্রাম্যৰ আৰক্ষী অধীক্ষক শ্রীশ চন্দ্রই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, অভিযোগৰ পিছত তিনি অভিযুক্তৰ দুজনক গ্রেপ্তাৰ কৰা হৈছে। তৃতীয়জন অভিযুক্তৰ সন্ধান চলিছে।
https://twitter.com/AnujaJaiswalTOI/status/1407534658535837697
কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভাতৃ দীনেশ সিঙে সংবাদ সংস্থা পিটিআইক ঘটনা সন্দৰ্ভত কয়, ‘‘সোমবাৰে নিশা ৮ বজাত পিতৃক এটি অচিনাকি নম্বৰৰ পৰা ফোন কৰি আমাৰ ঘৰৰ ঠিকনা বিচৰা হয়। পিতৃয়ে ঠিকনা কোৱাৰ কিছু সময় পিছতেই মটৰচাইকেলত আহি তিনিজন লোক আমাৰ ঘৰত বলপূৰ্বক প্ৰৱেশ কৰে। সিহঁতে আমাৰ পৰিয়ালৰ সকলোকে মাৰধৰ কৰে। দুয়ো ভনীক জোৰ কৰি ছাদৰ ওপৰলৈ নি তাৰ পৰা গঁতিয়াই দিয়ে।’’
কিশোৰীগৰাকীৰ পিতৃ প্রেম পাল সিঙে কয়, ‘‘লগে লগে ছোৱালীজনীক আমি হস্পিটেলত ভৰ্তি কৰাওঁ। তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাত লাগিছে। মেৰুদণ্ড ভাঙি গৈছে। এই মুহূর্তত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।’’
আৰক্ষী সূত্র মতে, অভিযুক্ত তিনিজনৰ ঘৰ বিহাৰত। বিগত এটা বছৰ ধৰি মাজে-সময়ে কিশোৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল সিহঁতে। কিছুদিন পূৰ্বে কিশোৰীগৰাকীয়ে আৰক্ষীক সকলো জনাই দিব বুলি কৈছিল। সেই কাৰণেই তেওঁক হত্যাৰ চেষ্টা কৰা হ’ব পাৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে।












