![]()
নিউজ ডেস্কঃ
এটা ভাইৰাছে বিশ্বৰ অর্থনীতিত কিমান প্রভাব পেলাইছে এই তথ্য আগতেও সমীক্ষাযত ওলাইছে। চাকৰি হেৰুৱাইছে লক্ষ লক্ষ মানুহে। কিন্তু কোনে বেছি চাকৰি হেৰুৱাইছে, আৰু অর্থনৈতিক সংকটত কোনে দিন কটাইছে এই বিষয়ত সম্প্রতি এটি সমীক্ষা কৰা হৈছে। য’ত ধৰা পৰিছে যে ভাৰতত প্রতি ৪ জনৰ ভিতৰত এগৰাকী মহিলাই চাকৰি হেৰুওৱাৰ আতঙ্কত দিন কটাইছে। কেৱল সেয়াই নহয়, আর্থিক সংকটতো আছে তেওঁলোক। সমীক্ষাৰ পিছত ‘লিংকডইন’-এ সম্প্রতি এই তথ্য প্রকাশ কৰিছে।
‘ৱর্কফৰ্চ কনফিডেন্স ইন্ডেক্স’ অনুসৰি, কৰোনাৰ দ্বিতীয় ঢৌ অহাৰ পিছত সকলোতকৈ ক্ষতিগ্রস্ত হৈছে মহিলাসকল। মূলত নতুন প্রজন্মৰ চাকৰিজীৱি মহিলাসকলৰ অৱস্থা ভয়াৱহ। দেশৰ এই সংকটময় পৰিস্থিতিত মহিলা, পুৰুষ দুয়ো পক্ষৰে অৱস্থাৰ তুলনা কৰিবলৈ এই সমীক্ষা কৰা হৈছে। য’ত ধৰা পৰিছে, অতিমাৰিৰ পিছৰ পৰা পুৰুষৰ তুলনাত মহিলাসকলৰ চাকৰি হেৰুওৱাৰ আশংকা বেছি। দেখা গৈছে, প্রতি ৪ জনৰ ভিতৰত এগৰাকী চাকৰিয়াল মহিলা আর্থিক সংকটত আছে। আনহাতে, প্রতি ১০ জনৰ ভিতৰত এজন পুৰুষ এই সমস্যাৰ সম্মুখীন হৈছে।
এই সমীক্ষাত জড়িত অন্যতম সদস্য আশুতোষ গুপ্তাই জনাইছে, ‘ভাৰতত কৰোনাৰ দ্বিতীয় ঢৌ নিয়ন্ত্রণলৈ অহাৰ লগে লগেই কর্মসংস্থাপন বাঢ়িছে। মে’ মাহৰ পিছত এই হাৰ বাঢ়িছে কেইবা গুণ। কিন্তু তাতো বিশেষ একো অসুবিধা হোৱা নাই মহিলাসকলৰ। তেওঁলোকৰ অৱস্থান বিগত এবছৰ ধৰি একেই আছে।’ সমীক্ষাই কৈছে, প্রযুক্তি ক্ষেত্রৰ তুলনাত অন্যান্য মাধ্যমত চাকৰি হেৰুওৱাৰ আশংকা বেছি হৈছে মহিলাসকলৰ।












