![]()
নিউজ ডেস্কঃ
দেশৰ প্রয়াত প্রাক্তন ৰাষ্ট্রপতি এপিজে আব্দুল কালামৰ পিছত প্রথমবাৰ কোনো ৰাষ্ট্রপতিয়ে ৰে’লেৰে ভ্ৰমণ কৰিলে। দেশৰ অন্যতম ভিভিআইপি বিমান এয়াৰ ইণ্ডিয়া ৱান তেওঁৰ বাবে আবণ্টিত থাকিলেও, ৰাইচিনা হিলৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰে সদায় পৰিবেষ্টিত হৈ থাকিলেও, ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ শিপা কিন্তু গাঁৱৰ। ৰাষ্ট্রপতি পদত শপত লোৱাৰ পিছত এই প্রথমবাৰ নিজৰ জন্মস্থানলৈ গ’ল দেশৰ ৰাষ্ট্রপতিগৰাকী।

উত্তৰ প্রদেশৰ কানপুৰৰ দেহাতৰ পৰাউংখ গাঁও হ’ল ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ জন্ম গাঁও। ২৫ জুনত দিল্লীৰ চফদাৰগঞ্জ ষ্টেচনৰ পৰা জন্মভূমিৰ উদ্দেশ্যে ৰাওনা হৈছিল ৰাষ্ট্রপতিগৰাকী। শুক্রবাৰে সন্ধ্যা ৬.১০ বজাত কানপুৰৰ দেহাত জিলাৰ জিজাক ৰে’লষ্টেচনত গৈ উপস্থিত হয় ৰাষ্ট্রপতিৰ বিশেষ ৰে’ল। প্রাক্তন ৰাষ্ট্রপতি এপিজে আব্দুল কালামৰ পিছত, সুদীর্ঘ ১৫ বছৰ পিছত প্রথমবাৰৰ বাবে দেশৰ কোনো ৰাষ্ট্রপতিয়ে ৰে’লত ভ্ৰমণ কৰিলে।












