![]()
নিউজ ডেস্কঃ
সপোন সত্য হৈছিল মাত্র কেইঘণ্টামানৰ বাবে। এটা নিশাৰ বাবে কোটিপতি হৈয়ো পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাবলগা হ’ল এজন ব্যক্তি।
ৰ’ব, কথাখিনি বহলাই কওঁ৷
সদায় নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ক্রিপ্টো মার্কেটত ধন বিনিয়োগ কৰিছিল ক্রিছ উইলিয়ামছন নামৰ ব্যক্তিজনে। অৱশ্যে সেয়া আছিল সামান্য পৰিমাণত। যোৱা ১৬ জুনত তেনে ধৰণেই নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ক্রিপ্টো মার্কেটত মাত্র ২০ ডলাৰ বিনিয়োগ কৰিছিল কয়েন এপ (ক্ৰিপ্টো কয়েন)ৰ জৰিয়তে। পিছদিনা পুৱা টোপনিৰ পৰা সাৰ পাই উঠি ক্রিছে দেখে যে তেওঁৰ একাউণ্টত ১ লাখ ১৪ হাজাৰ ১৫০ কোটিতকৈও অধিক ডলাৰ জমা হৈছে।
ক্রিছে কয়, “একাউণ্টটো চাই ভাব হৈছিল সপোন দেখা নাইতো!” পুনৰ একাউণ্টটো ভালদৰে চায় তেওঁ। নাই, ঠিকেতো দেখিছে৷ এয়া কোনো স্বপ্ন নহয়৷ নিশাৰ ভিতৰতে তেওঁ এই বিপুল পৰিমাণৰ ধনৰ মালিক হৈ পৰিছে।
কিন্তু কথাতে কয় বোলে দাতাই দিলেও বিধাতাই নিদিয়ে৷ তেওঁৰ সেই আনন্দ, উচ্ছ্বাস যে ক্ষণস্থায়ী হ’ব আৰু তেওঁ যে আগৰ অৱস্থালৈয়েই ঘূৰি যাব লাগিব সেয়া ভাবি পোৱা নাছিল ক্রিছে। নিশাৰ ভিতৰতে কোটিপতি হৈছিল ঠিকই, কিন্তু তেওঁ জয়ী হোৱা টকা কয়েনবেছৰ ওচৰত দাবী কৰোতেই ছবিখন সম্পূৰ্ণ সলনি হৈ যায়। কয়েনবেছে ক্রিছক জনায় যে এই ধন তেওঁৰ নহয়। প্রযুক্তিগত ত্রুটিৰ বাবে তেওঁৰ একাউন্টত এই বিপুল পৰিমাণৰ ধন দেখুৱাইছে। গতিকে তেওঁ উক্ত ধন দাবী কৰিব নোৱাৰিব।
যি সপোন ক্রিছে প্ৰতিদিনে দেখিছিল, সেই সপোন পূৰণ হ’ল ঠিকেই, কিন্তু বাস্তৱটোহে তেওঁৰ ক্ষণস্থায়ী হ’ল। নিশাৰ ভিতৰতে কোটি টকাৰ মালিক হৈয়ো দিনত শূন্য হাতেৰেই থাকিবলগা হ’ল ক্রিছ।












