![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মৰিয়নি জনতাক প্ৰতাৰণা কৰি বিজেপিলৈ যোৱা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীক উপ-নির্বাচনত উচিত শিক্ষাদি পৰাস্ত কৰা হুংকাৰ দিয়া বিধায়ক অখিল গগৈ বিৰুদ্ধে মুখ খুলিছে কুৰ্মীয়ে। মৰিয়নিৰ ৪ বাৰ বিধায়কজনে কাৰাবন্দী গগৈৰ ভাষ্যৰ প্ৰত্যুত্তৰত কয়- ‘মাৰ্বল গুটি খেলি ৰাজনীতি কৰা নাই। টেমাৰ গাখীৰ খাই ডাঙৰ হোৱা নাই। মাৰ গাখীৰ খাই ডাঙৰ হৈছো’।
“ৰাখে হৰি মাৰে কোনো আৰু মাৰে হৰি ৰাখে কোনে। ৰূপজ্যোতি কুর্মী কেঁচা খেলুৱৈ নহয়। সমষ্টি ৰাইজৰ আশীৰ্বাদ লগত আছে, থাকিব। অখিল গগৈ জ্যেষ্ঠ ভাতৃ দৰে। তেওঁক সন্মান কৰো’- কুর্মীয়ে লগতে কয়।
“মৰিয়নি সমষ্টিত ২০শতাংশ ভোটাৰ ভোট দিবলৈ নাহে। ৮০ শতাংশ ভোটদান হয়। ৬০ শতাংশ ভোট উপ-নির্বাচনত বিজেপিৰ টিকট পালে মই পাম কুৰ্মীয়ে কয়।
চৰকাৰীপক্ষৰ বিধায়ক নোহোৱাৰ আগতেই সমষ্টিত কাম আৰম্ভ হ’ব। সমষ্টিবাসীলৈ চৰকাৰৰ পৰা এটা সন্মান আহিব। বিধায়ক হৈ কিমান সন্মান আনিম ৰাইজে অনুধাৱন কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় – মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মৰিয়নি সমষ্টিলৈ কম দিনৰ ভিতৰত আহিব। আধুনিকৰূপে নিৰ্মাণ কৰিবলৈ ধোদৰ আলিক আধাশিলা স্থাপন কৰিব”।
মৰিয়নি সমষ্টি আদৰ্শ বিদ্যালয়ৰ বাবে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্বাচিত কৰা হৈছে। অসম আৰক্ষীৰ নতুন কামাণ্ডো বেটেলিয়ন মৰিয়নি সমষ্টিয়ে লাভ কৰিব- কুৰ্মীয়ে কয়।













