![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পৰিয়ালৰ সৈতে দুটা দিন হাঁহি ধেমালিৰ অন্তত দেওবাৰে প্ৰায় ৩ বজাত বন্দীত্ব জীৱনলৈ পুনৰ ওলাই আহিল বিধায়ক অখিল গগৈ। মৰিয়নি চেলেংহাটৰ মাতৃ গৃহত শনিবাৰে থাকি শোকাকুল পৰিৱেশৰ মাজত মাতৃৰ কোলাত মোৰ থৈ বিদায় ল’লে বন্দী নেতাগৰাকীয়ে। আদালতৰ নিৰ্দেশনা অনুসৰি ৰাতি ১০বজাত হাজিৰ হ’ব লাগিব বন্দী নেতাগৰাকীৰ। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত যোৱা ডেৰ বছৰো অধিক সময় বন্দী হৈ আছে অখিল।
মাতৃ-ভগ্নী আৰু আত্মীয়-স্বজনক বিদায় জনাই ন্যায়ালয়ৰ নিৰ্দেশক সন্মান জনাই গুৱাহাটীৰ অভিমুখে ৰাওনা হয় শিৱসাগৰ বিধায়কগৰাকী। কাৰাগাৰৰ বন্ধ কোঠৰীলৈ ওলাই অহাৰ সময়ত গগৈয়ে কয়- অসমৰ ভাঙি যাব ধৰা অৰ্থনীতি উদ্ধাৰ কৰিব লাগিব। একনায়কত্ববাদী ৰাজনীতিৰ পৰা অসমখনক ৰক্ষা কৰিবলৈ সকলোৱে মাত মাতিব লাগিব।
উল্লেখ যে নিয়া বিশেষ আদালতে দুটা দিনৰ বাবে পৰিয়ালক সাক্ষাৎ কৰা অনুমতি দিছিল গগৈক।













