![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা দ্বিতীয় লহৰত ৰাজ্যত বৃহৎ সংখ্যক শিশু-কিশোৰৰ আক্রান্ত কভিড-১৯ত। ক’ৰনা প্ৰথম লহৰত ১৮ বছৰৰ তলৰ আক্রান্ত হাৰ ৮ শতাংশ হোৱা বিপৰীতে দ্বিতীয় লহৰত ১২ শতাংশ আক্রান্ত হৈছে। সেই অনুসৰি ৰাজ্যত ২৮ হাজাৰ শিশু-কিশোৰৰ কভিড সংক্ৰমণ হৈছে। এই ভয়ংকৰ তথ্য উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
গুৰুত্বপূৰ্ণ এই যে মুঠ আক্রান্ত অধিক সংখ্যক ১০পৰা ১৮বছৰ ভিতৰত বুলি কয়।
নগাঁৱৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ পৰ্যবেক্ষণ কৰি মহন্তই আৰু কয়- বহু সময়ত মাতৃগৰাকী কভিড আক্রান্ত হোৱা বাবে শিশুক লগত লৈ যাব লগা হৈছে।
ইফালে, কভিড আক্রান্ত শিশুৰ বাবে প্ৰায়কেইখন মেডিকেল কলেজত প্ৰেডিয়েটিক আই.চি.ইউ ব্যৱস্থাৰ কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে স্বাস্থ্যমন্ত্ৰীয়ে কয়।
উল্লেখ যে বিভিন্ন স্বাস্থ্য সন্থাসমূহে প্রকাশ কৰা অনুসৰি ক’ৰনা তৃতীয় লহৰত সৰ্বাধিক শিশু-কিশোৰ কভিড আক্রান্ত হ’ব। স্বাস্থ্য সন্থাৰসমূহৰ সতৰ্কতাৰ পিছতে ৰাজ্য স্বাস্থ্য বিভাগে কভিড তৃতীয় লহৰ সৈতে যুজঁ দিবলৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা বুলি মহন্তই কয়।
ইফালে, শিশু আক্রান্ত হাৰ সন্দৰ্ভত বিভাগে বিস্তৃতিভাৱে পৰ্যালোচনা কৰিব বুলিও তেওঁ জানিব দিয়ে।













