ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত শিক্ষক সকলৰ যোগ্যতা নিৰূপক পৰীক্ষা টেটক লৈ সৰব হৈ পৰিছে ক্ৰমে কাৰ্বি ছাত্ৰ সন্থা আৰু ডিমাছা ছাত্ৰ সন্থাই ৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্য জুৰি টেট অনুষ্ঠিত কৰিবলৈ জাননী জাৰি কৰিছে ৷ এই দুই পাৰ্বত্য জিলা কাৰবি আৰু ডিমা হাচাওতো অনুষ্ঠিত হ’ব এই টেট পৰীক্ষা ৷ কিন্তু সাধাৰণ টেটৰ বিপৰীতে জিলা সমূহত বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী জনাই আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত কেএছএ আৰু ডিএছএই যুটীয়া বাবে এক সংবাদ মেলৰ আয়োজন কৰে ৷
সংবাদমেলক সম্বোধন কৰি সংগঠন দুটাৰ নেতৃবৰ্গই কয় যে, ২০১২ চনতে তদানীন্তন শিক্ষামন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সংগঠন সমূহৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰি কৈছিল যে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি তিনি পাৰ্বত্য জিলাত বিশেষ টেট অনুষ্ঠিত কৰাৰ ক্ষমতা প্ৰদান কৰা হ’ব ৷ যি আজি পৰ্যন্ত হৈ নুঠিল ৷ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ বাবে টেটৰ খুব প্ৰয়োজন সেয়ে কেএছএ আৰু ডিএছএই টেটৰ বিৰুধিতা নকৰে যদিও কাৰ্বি আংলঙ আৰু ডিমাহাচাওৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে ৷
ইমান দিনে বিশেষ টেট অনুষ্ঠিত কৰিবলৈ নিদি পাৰ্বত্য জিলাৰ ক্ষমতা কৰ্তন কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাৰ নেতৃবৰ্গই ৷ ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিথ ছেংয়ুঙে MOU চুক্তি অনুসৰি টেট অনুষ্ঠিত কৰাৰ বাবে দুয়োখন পৰিষদৰ ক্ষমতা আছে ৷ মানৱ সম্পদ মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয়যে ২০১১ চনত যোগ্যতাৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়াৰ বাবে ৰাজ্য চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছিল ৷
সংগঠন সমুহৰ নেতৃবৰ্গ কয়যে পাৰ্বত্য জিলাত বিশেষ টেটৰ অবিহনে সাধাৰণ টেট মানি লোৱা নহ’ব ৷ ইয়াৰোপৰি ডিমা হাচাওত ডিএলএড আৰু বিএডৰ সুবিধা নথকাৰ বাবে তাত টেটৰ ক্ষেত্ৰত ডিএলএড আৰু বিএডৰ বাধ্যতামূলক নকৰিবলৈ দাবী জনাইছে ডিমাছা ছাত্ৰ সন্থাই৷
আনহাতে ৰাজ্য চৰকাৰে যোৱা ৮ মাৰ্চত এক নিৰ্দেশ যোগে পাৰ্বত্য জিলাৰ মহাবিদ্যালয় সমূহ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ অধীনলৈ নিয়াৰ নিৰ্দেশ জাৰী কৰিছিল ৷ ১৯ মাৰ্চত পুনৰ এক নিৰ্দেশনা যোগে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হয় ৷
উচ্চশিক্ষাকলৈ ৰাজ্য চৰকাৰক এনে হেতালি নেখেলিবলৈ সকিয়াই দিছে সংগঠন দৱটাৰ নেতৃবৰ্গই ৷ আজিৰ সংবাদ মেলত কেএছএৰ দুই ফৈদৰ সভাপতি বিজয় টেৰণ আৰু ছিমিয়ণ ৰংফাৰ, ডিমাছা ছাত্ৰ সন্থাৰ প্ৰমিথ ছেংয়ুঙ আৰু ধিৰাজ ডিফুছা উপস্থিত থাকে ৷












