![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা কণ্টেইনমেন্ট মহকুমাত আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ৮৪৭ জনৰ কৰা হৈছিল আৰু তাৰে ৩০ জনৰ পজিটিভ ধৰা পৰে আৰু কালিৰ তুলনাত কিছু হ্ৰাস হৈ আজি ৩.৫৪ হৈছে। বোকাখাত মহকুমাৰ ৫ টা অঞ্চল কণ্টেইনমেন্ট জ’নত আছে।
বৰ্তমানলৈকে ৩১ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৬৩৪৪০ আৰু আৰ টি পি চি আৰ ৫৩৮১ জনৰ, মুঠতে ৬৮৮২১ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪১৯২ । আজি বোকাখাতৰ বিভিন্ন ঠাইত অভিলেখ সংখ্যক ১৮ বছৰৰ ওপৰৰ ১০৮৫০ গৰাকীয়ে কভিড প্ৰতিষেধক টিকা গ্ৰহণ কৰে।













