![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাত কভিডৰ গণসংক্ৰমনৰ হাৰ সম্প্ৰতি কিছু হ্ৰাস পাইছে যদিও কভিড সংক্ৰমন ঘটি আছে মহকুমাটোত। কভিডৰ দ্বিতীয় লহৰত বিগত কিছুদিন মহকুমাটোৰ চাহ বাগিছা অঞ্চলত কভিডৰ ব্যাপক গণসংক্ৰমন সংঘটিত হোৱাৰ ফলত কেইবাটাও বাগিছা অঞ্চল গণসংক্ৰমন স্বাৰ্থতে মাইক্ৰকণ্টেইণমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ পাছত বোকাখাত নগৰতো কভিডৰ চিন্তনীয় সংক্ৰমন সংঘটিত হোৱা দেখা গ’ল। বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত ৪নং ৱাৰ্ড (বৰাগাঁও)ত দেখা দিয়া এনে গণসংক্ৰমনৰ বাবে নগৰখনৰ এই অঞ্চলটো আজি মাইক্ৰকণ্টেইণমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। অঞ্চলটোৰ পূৱে নিৰলা সেনৰ বাসগৃহৰ পৰা পশ্চিমে জিতেন বৰাৰ বাসগৃহলৈ, উত্তৰে গাৰ্গেশ্বৰ কাকতিৰ বাসগৃহৰ পৰা দক্ষিণে পুতুল বৰাৰ বাসগৃহলৈ গোলাঘাট জিলা প্ৰশাসনে মাইক্ৰকণ্টেইণমেণ্ট জ’ন চিহ্নিত কৰি দিছে।
কালিলৈকে ৱাৰ্ডটোত ১৬ জন কভিড পজিটিভ ধৰা পৰিছে। ইফালে বৰ্দ্ধিত সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত অহা ১৩ আৰু ১৪ জুলাইৰ বাবে গোলাঘাট জিলা প্ৰশাসনে কভিড গণসংক্ৰমন ৰোধৰ স্বাৰ্থত জিলাখনৰ সকলো গেলামাল, পাইকাৰী, পাচলি আৰু ফল-মূলৰ দোকান বন্ধ ঘোষণা কৰিছে। অৱশ্যে ফাৰ্মাচি আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিছে।













