![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা আবকাৰী আৰু আৰক্ষী বিভাগে বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত বৰচাপৰি আৰু চাপৰিগাওঁ এলেকাত যুটীয়াভাৱে অভিযান চলাই ১২০০ লিটাৰ চুলাই মদ বনোৱা পাচ আৰু ১০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰাৰ লগতে বহু সংখ্যক মদ তৈয়াৰ কৰা সামগ্ৰীও জব্দ কৰি নষ্ট কৰে। বোকাখাত মহকুমাত অনাগত দিনত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰিবৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিব বুলি জানিব পৰা গৈছে।













