![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পঞ্চদশ অসম বিধানসভা বাজেট অধিৱেশনত বিধায়কৰূপে সদনত উপস্থিত থাকিব নোৱাৰি কোনো দুখ লগা নাই। মৰিয়নিৰ সমষ্টিৰ সমস্যাসমূহ লিখিতভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দিয়া হৈছে। মন্ত্ৰীসকলক সদনৰ বাহিৰত লগ কৰিছোঁ-এই মন্তব্য মৰিয়নি প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুর্মীৰ।
মৰিয়নি সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়- পিতৃ-মাতৃ আৰ্শীবাদ, মৰিয়নিবাসী আস্থা-বিশ্বাস আছে। সমষ্টিবাসীয়ে যদি নহৰুৱাই তেন্তে কোনেও পৰাস্ত কৰিব নোৱাৰে।
ৰিপুন বৰাক কটাক্ষ কৰি কুর্মীয়ে কয়- মই যদি কংগ্ৰেছৰ কাৰণেই জয়ী হৈছিলো তেন্তে ৰিপুন বৰা কিয় জয়ী হ’ব নোৱাৰিলে। ২০ হাজাৰ ভোটত পৰাস্ত নহয় জয়ী হ’ব লাগিছিল।
উপ-নির্বাচনত প্ৰাৰ্থীত্ব লাভ কৰিলে পূৰ্বতকৈ অধিক ভোটত জয়ী হ’ম বুলি দৃঢ়ভাৱে কয় কুৰ্মীয়ে।
কংগ্ৰেছ-এআইইউডিএফ-অখিল গগৈ চুলি পকী, বুঢ়া হৈ যাব, কিন্তু ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী সৈয়ে থাকিব- কুৰ্মীয়ে কয়।
‘মৰিয়নি উপ-নির্বাচনত ১০ জন ৰিপুন বৰা, ১০ জন ৰকিবুল হুছেইন, ১০ জন গৌৰৱ গগৈ আৰু ১০ জন অখিল গগৈৰ আহিলেও পৰাস্ত কৰিব নোৱাৰে’- কুর্মীয়ে কয়।
আনহাতে, কংগ্ৰেছ দলত থাকোতে বিজেপি চৰকাৰৰ কা’ৰ আইনৰ বিৰুদ্ধে সৰৱ ৰূপজ্যোতি কুর্মীয়ে দল সলনি কৰিয়ে সমৰ্থন কৰিলে কা’ৰ আইনক। অসমৰ জনতা যদি কা’ আইনক লৈ চিন্তিত হোৱা হ’লে বিজেপিৰ চৰকাৰক ভোট নিদিলে হয়। লুৰীণজ্যোতি গগৈ পৰাস্ত নহ’লহেঁতেন। কা’ লৈ অসমবাসী আশ্বস্ত হৈছে। দুই-এটা জাতীয়ৰ সংগঠনে কা’ লৈ বিভ্ৰান্তি সৃষ্টি কৰিছে- কুৰ্মীয়ে কয়।













