![]()
অজন্তা তালুকদাৰ
বোকাখাত : লক-ডাউনৰ সুযোগ লৈ সক্ৰিয় হৈ উঠা চুলাই মদ বনোৱা দুস্কৃতিকাৰীৰ বিৰুদ্ধে সফল অভিযান বোকাখাত মহকুমা আবকাৰী বিভাগৰ। সম্প্ৰতি চুলাই মদৰ ঘাটি মহকুমাটোত কভিড গণসংক্ৰমনৰ অন্যতম কাৰক হৈ পৰিছে। তৎপৰ হৈ উঠিছৈ বোকাখাত মহকুমা আবকাৰী বিভাগ আৰু বোকাখাত আৰক্ষী। কালি বোকাখাত মহকুমা আবকাৰী আৰু আৰক্ষী বিভাগে বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত বৰচাপৰি আৰু চাপৰিগাওঁ এলেকাত যুটীয়াভাৱে অভিযান চলাই ১২০০ লিটাৰ চুলাই মদ বনোৱা পাচ আৰু ১০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰাৰ লগতে বহু সংখ্যক মদ তৈয়াৰ কৰা সামগ্ৰীও জব্দ কৰি নষ্ট কৰিছিল।
বোকাখাত মহকুমাত আবকাৰী বিভাগে অবৈধ চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰিবৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলি আজিও বোকাখাতৰ বিভিন্ন এলেকাত আবকাৰী বিভাগৰ অভিযান চলিল। আজি বোকাখাত মহকুমা আৱকাৰী বিভাগে বোকাখাত আৰক্ষী চকীৰ অন্তৰ্গত কান্ধুলীমাৰি, ডিফলুপথাৰ আৰু লতাবাৰিৰ বিভিন্ন এলেকাত অভিযান চলাই ১৫০ লিটাৰ চুলাই মদ বনুৱা পাছ আৰু ২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে। ইয়াৰ উপৰিও আৱকাৰী বিভাগে বহু সংখ্যক চুলাই মদ তৈয়াৰ কৰা সা-সজুলিও জব্দ কৰি নষ্ট কৰে।













