![]()
অজন্তা তালুকদাৰ
বোকাখাত : সম্প্ৰতি কভিডৰ গণসংক্ৰমন ৰোধৰ স্বাৰ্থত চলি থকা লক-ডাউনত ৰাজ্যখনৰ লগতে পুনৰ তচনচ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি। উপাৰ্জনৰ সহজ পথৰ সন্ধানত পুনৰ সক্ৰীয় হৈছে চোৰাং চিকাৰী। উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহেও সহজ উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে গঁড়কে আদি কৰি দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চোৰাংচিকাৰ, ড্ৰাগচ্, অস্ত্ৰ সৰবৰাহ আদিৰ বেহা। সোমবাৰে নিশা বোকাখাত আৰক্ষীৰ নেতৃত্বত গোলাঘাট আৰক্ষী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত বিশেষ সূত্ৰৰ পম খেদি সফল অভিযান চলাই মণিপুৰৰ পৰা আটক কৰে এটা কুখ্যাত চোৰাং চিকাৰী। মণিপুৰ আৰক্ষীৰ সহযোগত মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা আটক কৰা চোৰাং চিকাৰীটোৰ নাম থাংগৌসিং ভি খামখৌপ’৷ কাজিৰঙাৰ গঁড় হত্যা, অস্ত্ৰ সৰবৰাহৰ লগত জড়িত ধৃত চোৰাংচিকাৰীটো। বোকাখাত আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা পূৰ্বৰ কেচৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীটোক। বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই কুখ্যাত চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আজি বোকাখাতত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত হোৱা অভিযানত এই চোৰাং চিকাৰীটো আটক কৰা হৈছে। চিকাৰীটোৱে বিশ্বনাথত চিকাৰ কৰাৰ পৰিকল্পনা কৰি থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল। ধৃত চোৰাং চিকাৰীটো ইয়াৰ আগতে এন এচ চি এন (আই এম) দলত আছিল আৰু পাছলৈ জ’মি ৰিভলিউচনেৰী আৰ্মি দলত আছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে উগ্ৰপন্থীৰ দল চোৰাং চিকাৰত জড়িত থকাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। বৰ্তমান বোকাখাতৰ ন্যায়িক আদালতৰ পৰা চাৰি দিনৰ সোধপোচৰ বাবে বোকাখাত আৰক্ষীৰ জিম্মাত আছে চোৰাং চিকাৰীটো।
ইতিমধ্যে বোকাখাত আৰক্ষী থানাত কেচ নং ১৯৫/২০২০/১২০ বি/১২১/১২১ এ/৩৭৯/৪১১ আই পি চি আৰ ডব্লিউ ১৭/ ইউ এ (ডি) আৰু আৰ ডব্লিউ ৫১ (১-এ) ডব্লিউ এল (পি) ধাৰাৰ অধীনত চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিছে আৰু অধিক তথ্য উদঘাটনৰ বাবে সোধ পোচ অব্যাহত ৰাখিছে। আৰক্ষীয়ে আৰু অধিক তথ্য উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে।













