![]()
অজন্তা তালুকদাৰ
বোকাখাত : আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতালৈ গোলাঘাটৰ একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলত স্থান লাভ কৰি বোকাখাতৰ লগতে অসমবাসীৰ বাবে সুখৰ কঢ়িয়াই আনিছে বোকাখাতৰ সুসন্তান বিশাল চাংমায়ে । প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত বোকাখাতৰ বিশাল চাংমাই গোলাঘাটৰ একমাত্ৰ আৰ্চাৰী খেলুৱৈ যি এই বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপ লৈ নিৰ্বাচিত হৈছে। বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ পুত্ৰ বিশাল বোকাখাত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ।
উল্লেখ্য যে, ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। সৰুৰে পৰা আৰ্চাৰীৰ প্ৰতি আকৰ্ষিত বিশালে প্ৰাথমিক পৰ্যায়ত কোনো আনুষ্ঠানিক প্ৰশিক্ষক নোলোৱাকৈয়ে নিজেই আৰ্চাৰীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা বুলি মন্তব্য কৰে বিশালৰ পিতৃ শান্তনু চাংমাইয়ে। সম্প্ৰতি হাৰিয়ানাত প্ৰশিক্ষণৰত বিশালৰ এই সাফল্যত অধ্যয়নৰত বিদ্যালয়খনৰ শিক্ষক, ছাত্র-ছাত্ৰী উৎফুল্লিত হৈ পৰিছে। বিশালে ২০১৩ চনৰ পৰা আন্তঃজিলাৰ প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০১৬/১৭ বৰ্ষত কোকৰাঝাৰৰ গোঁসাই গাঁৱত অনুষ্ঠিত হোৱা আন্তঃজিলা প্ৰতিযোগিতাত ২০ মিটাৰ আৰু অলিম্পিক শাখাত সোণ বুটলিবলৈ সক্ষম হৈছিল।
আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১৬/১৭ চনতো মধ্য প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত হোৱা নেচনেল স্কুল গেমছত চিলভাৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাংলাদেশৰ ঢাকাত ২০১৯ত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাৰ ব্যক্তিগত শাখাত আৰু দলীয় ভাবেও ব্ৰঞ্জ লাভ কৰিছিল। ২০১৯ত স্পেইনৰ মাড্ৰিদত হোৱা বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নচীপত ভাৰতীয় দলত অংশগ্ৰহণ কৰিছিল। বোকাখাতৰ লগতে সমগ্ৰ অসমবাসীয়ে ৯ আগষ্টৰ পৰা ১৫ আগষ্ট লৈকে প’লেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ আৰ্চাৰী চেম্পিয়নশ্বিপত বিশালে ভাৰতৰ তথা ৰাজখনলৈ পদক কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে।













