![]()
অজন্তা তালুকদাৰ
বোকাখাত : কভিড-১৯ৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত যোৱা ১৩ আৰু ১৪ জুলাইৰ দুটা দিন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল। আজি এক নিৰ্দেশনা যোগে আৰু এটা অতিৰিক্ত দিন অৰ্থাৎ ১৫ জুলাইৰ দিনটোও লকডাউন ঘোষণা কৰিছে। এই সময় চোৱাত কেৱল ফাৰ্মেচী আৰু গাখীৰ যোগানকহে ৰেহাই দিয়া হৈছে। আনহাতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাত কভিড সংক্ৰমণৰ হাৰ অধিক হৈ থকাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময় বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।













