![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমাত পুনৰ ৫৭ জনৰ কভিড পজিটিভ ধৰা পৰিছে। আজি ৰেট আৰু আৰ টি পি চি আৰ লৈ মুঠ পৰীক্ষা ১৩১৫ জনৰ কৰা হৈছিল আৰু তাৰে ৫৭ জনৰ পজিটিভ ধৰা পৰে আৰু কালিৰ ৬.১৫ ৰ পৰা কিছু হ্ৰাস হৈ আজি ৪.৩৩ হৈছে। বোকাখাত মহকুমাৰ ৫ টা অঞ্চল কণ্টেইনমেন্ট জ’নত আছে। বোকাখাত মহকুমাৰ ৫ টা অঞ্চল কণ্টেইনমেন্ট জ’নত আছিল আৰু আজি ভকতচাপৰিক মাইক্ৰ কন্টেইনমেন্ট জ’ন ঘোষণা কৰাত ষষ্ঠটো জ’ন সংযোজন হ’ল বোকাখাতত। বৰ্তমানলৈকে ৩১ জন ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷
কভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৬৫৩৮৯ আৰু আৰ টি পি চি আৰ ৫৫৬০ জনৰ, মুঠতে ৭০৯৪৯ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷ মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪২৯৯ । আজি মহকুমাটোৰ ভকতচাপৰিত ১৬ জন, ৰিৰিত ৮ জন, পুৰনি খতিয়াখলিত ৪ জন লোক আক্ৰান্ত হৈছে।
উল্লেখযোগ্য যে ভকত চাপৰিত কালিও ১৫জন আক্ৰান্ত হৈছিল। আজি বোকাখাতত ভেকচিন দিয়া হোৱা নাই। আনহাতে কভিড১৯ৰ ভয়াবহ সংক্ৰমণ ৰোধ কৰাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে জিলা খনত যোৱা১৩ আৰু ১৪ জুলাইৰ দুটা দিন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছিল।
আজি এক নিৰ্দেশনা যোগে আৰু এটা অতিৰিক্ত দিন অৰ্থাৎ ১৫ জুলাইৰ দিনটোও লকডাউন ঘোষণা কৰিছে। এই সময় চোৱাত কেৱল ফাৰ্মেচী আৰু গাখীৰ যোগানক হে ৰেহাই দিয়া হৈছে। আনহাতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাত কভিড সংক্ৰমণৰ হাৰ অধিক হৈ থকাৰ পৰিপ্ৰেক্ষিতত লকডাউনৰ সময় বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।













