![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গো-সুৰক্ষা বিধেয়কক বিৰোধিতা শিৱসাগৰ বিধায়ক অখিল গগৈৰ। ৰাজ্য চৰকাৰৰ গো-সুৰক্ষা আইনে ক্ষতিগ্ৰস্ত কৰিব কৃষকসকলক। এই আইনৰ ফলত কৃষকসকলৰ গৰুৰ বজাৰ নোহোৱা হৈ পৰিব। পঞ্চদশ অসম বিধানসভাৰ বাহিৰত মন্তব্য গগৈ।
গো-সুৰক্ষা বিধেয়কখন আইনত পৰিণত হ’লে অসমত মাংস দাম বৃদ্ধি পাব। বৰ্তমান ৰাজ্যত মাংস দাম বৃদ্ধিত ইয়াৰ অৰিহণা থকা বুলিও গগৈয়ে কয়।
‘খেতিয়ক এগৰাকী বাবে গৰুটো এটা ডাঙৰ ব্যৱসায়। কামত নহা বা প্ৰয়োজনতকৈ অধিক গৰু হ’লে বিক্রীৰ বাবে উজনি অসমত ডাঙৰ -ডাঙৰ বজাৰ আছে। কিন্তু আইনে গৰু বজাৰ বন্ধ কৰিব। গৰু বজাৰ বন্ধ হ’লে খেতিয়কসকল কেনেদৰে চলিব’- বিধায়ক অখিলে কয়।
‘বহু খেতিয়কে গৰু এটা বিক্ৰী কৰি ল’ৰা-ছোৱালীক কলেজত নামভৰ্তি কৰাই। আইনখন হ’লে গৰু বিক্ৰী বন্ধ হ’ব। হিন্দু- মুছলমানৰ কথা নাই গাঁৱৰ খেতিয়কৰ বাবে সমস্যা হ’ব- অখিলে কয়।
গো-সুৰক্ষা বিধেয়কক সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ বুলি উল্লেখ কৰি অখিলে কয়- আদৰ্শগতভাৱে খেতিয়কক ধ্বংস কৰা আইন সমৰ্থন কৰিব নোৱাৰো।
উত্তৰ-প্ৰদেশত গো-সুৰক্ষা আইনখনৰ বাবে ডাঙৰ ডাঙৰ উদ্যোগ ধ্বংস হৈছে।
শিৱসাগৰ বিধায়কগৰাকীৰ দাবী গো-সুৰক্ষা বিধেয়কক লৈ সদনত মুকলি যুক্তি-তৰ্ক হ’ব লাগে।
উল্লেখ যে অসম বিধায়কসভা বাজেট অধিৱেশনৰ প্ৰথমদিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে গো-সুৰক্ষা বিধেয়ক।













