ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত কোভিড পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰে সৈতে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা

News Desk by News Desk
July 15, 2021
Reading Time: 1 min read
A A
0
বোকাখাতত কোভিড পৰিস্থিতি সন্দৰ্ভত সাংবাদিকৰে সৈতে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

অজন্তা তালুকদাৰ

বোকাখাত : গোলাঘাট জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ উপস্থিতিত সংবাদকর্মীসকলৰ সৈতে আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাটোৰ কোভিড-১৯ৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে মহকুমাটোৰ কোভিড-১৯ৰ সকলোবোৰ তথ্য সাঙুৰি এখনি পাৱাৰ পইণ্ট প্রতিবেদন প্রদর্শণ কৰে। উল্লেখ্য যে, মহকুমাটোত বর্তমান মাইক্রকনটেইণমেণ্ট জন আছে ৭ টা। ১৪ জুলাইলৈকে মহকুমাটোত ৪৫ বছৰৰ উৰ্ধ্বৰ মুঠ ২৩,৫৯৮ গৰাকী লোকক আৰু ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ মুঠ ২৫,৮৪৮ গৰাকী লোকক কোভিড প্রতিষেধক প্রদান কৰা হৈছে।

আনহাতে মহকুমাটোত ব্যাপক হাৰত কোভিডৰ পৰীক্ষণ চলাই থকা হৈছে। আজিৰ সভাত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত উপায়ুক্তগৰাকীয়ে জিলাখনত কোভিড পৰিস্থিতি কিছু উন্নত হোৱা বুলি উল্লেখ কৰি তিনিদিনৰ বাবে গেলামালৰ দোকান, খুচুৰা বিক্ৰী কেন্দ্র, শাক-পাচলি তথা ফলমূলৰ দোকান সম্পূর্ণ বন্ধ ৰখাৰ নিৰ্দেশনা আৰু বৃদ্ধি কৰা নহয় বুলি উল্লেখ কৰে। কিন্তু কোভিড ১৯ সংক্রান্তত অসম চৰকাৰে জাৰি কৰা সকলো নীতি-নির্দেশনা জিলাখনত সম্পূৰ্ণৰূপে বলবৎ থাকিব বুলি কয়।

আনহাতে আগন্তক দিনত বোকাখাতৰ লগতে সমগ্ৰ জিলাখনৰ কোভিড ১৯ৰ সম্পূর্ণ পৰিস্থিতিৰ নজৰ ৰখাৰ লগতে বিশ্লেষণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। সভাতে উপায়ুক্তগৰাকীয়ে মহকুমাটোৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ চুলাই মদৰ ঘাটিসমূহ সম্পূর্ণভাৱে উচ্ছেদ কৰিবৰ বাবে আবকাৰী বিভাগক তৎপৰ হ’বলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে চাহ বাগিচাসমূহত বাহিৰৰ পৰা অস্থায়ী কৰ্মচাৰী অনা নিয়াৰ ক্ষেত্রত মহকুমা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে। সমগ্ৰ জিলাখনত যাতে সম্পূর্ণ লক-ডাউনৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সকলো ৰাইজক সজাগ হোৱাৰ লগতে কোভিডৰ নীতি নির্দেশনাসমূহ কঠোৰভাবে পালন কৰিবলৈ আহ্বান জনায়। সভাত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলদ্বীপ হাজৰিকা, বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকন, আবকাৰী উপ অধীক্ষক দেৱজ্যোতি দেউৰী, খণ্ড উন্নয়ন বিষয়া দিলীপ চৰকাৰ, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য, বিশিষ্ট সমাজকৰ্মী দেৱপ্ৰদীপ বৰা প্ৰমুখ্যে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সভাৰ পাছতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উপায়ুক্তগৰাকীয়ে কয় যে গোলাঘাট জিলাখনত পুনৰাই সম্পূৰ্ণ লক-ডাউন ঘোষণা কৰা নহ’ব। কিন্তু সংক্ৰমন ঘটিলে চুবুৰী একোটা মাইক্ৰকণ্টেইণমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব। গোলাঘাট জিলা অদ্যপি ৰঙা জ’নত থকাৰ বাবে গেলামালৰ বাহিৰে আন ব্যৱসায় প্ৰতিষ্ঠান খোলাৰ অৱকাশ নাই বুলি প্ৰকাশ কৰে উপায়ুক্ত বৰুৱাই। লগতে তেওঁ কয় যে বোকাখাতত বৰ্তমান কভিডৰ হাৰ চাৰি শতাংশৰ সমীপত চলি আছে যদিও বিগত কেইসপ্তাহ ধৰি ক্ৰমাগতভাৱে কভিড আক্ৰান্তৰ সংখ্যা কমি আহিছে।

boka1 | ASSAM TIMES POST

কিন্তু চিন্তাৰ বিষয় যে কেইটামান অঞ্চলত নতুনকৈ কভিডাক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে তেনে অঞ্চলসমূহত সম্পূৰ্ণৰূপে কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব আৰু ভেক্সিনৰ যোগান নিয়মীয়া কৰা হ’ব। লগতে আজিৰ দিনটো ধৰি বিগত তিনিদিন গণসংক্ৰমন ৰোধৰ স্বাৰ্থত সমগ্ৰ গোলাঘাট জিলাত গেলামাল, পাইকাৰী আৰু শাক-পাচলিৰ দোকানো জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বন্ধ আছিল। এই সম্পূৰ্ণ লক-ডাউন আজি সমাপ্ত হ’ল আৰু কাইলৈৰ পৰা ৰাজ্য চৰকাৰৰ পৰা অহা নতুন এচ অ’ পি মৰ্মে জিলাখনত লক-ডাউনৰ ব্যৱস্থা পৰিচালিত হ’ব। সাধাৰণ লোকৰ সুবিধাৰ্থে গেলামাল আৰু শাক-পাচলিৰ দোকানসমূহ খোলাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উপায়ুক্তগৰাকীয়ে কয় যে গেলামাল আৰু শাক-পাচলিৰ দোকানসমূহ বিভিন্ন মহলৰ পৰা

অহা পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিনৰ ২ বজালৈকে খোলা ৰখাৰ জিলা ভিত্তিক সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ কথা দোহাৰে। গোস্বামীয়ে সাংবাদিকক আৰু জানিবলৈ দিয়ে যে চৰকাৰৰ নিৰ্দেশনা মৰ্মে মাইক্ৰকণ্টেইণমেণ্ট জ’নসমূহত খাদ্য সামগ্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক বা খাদ্য সামগ্ৰীৰ যোগানে ঢুকি নোপোৱা লোকক প্ৰদান কৰাৰ নিয়ম আছে যদিও মহকুমাসমূহত মহকুমাধিপতিয়ে পৰিস্থিতি সাপেক্ষে নিজা সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে। উপায়ুক্তগৰাকীয়ে সংবাদ প্ৰকাশৰ জড়িয়তে সংবাদকৰ্মীসকলে ৰাইজক কভিড সন্দৰ্ভত যি সজাগতা আগবঢ়াইছে তাৰ বাবে সংবাদকৰ্মীসকললৈ ধন্যবাদ আৰু শলাগ জনায়।

Tags: Featured
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx