![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যৰ শিক্ষকসকলৰ বাবে এটা ভাল খবৰ। শিক্ষক বদলি এতিয়া পৰা অনলাইনৰ জৰিয়তে হ’ব। পূৰ্ব দৰে শিক্ষকসকলে নিজৰ বদলিৰ বাবে কাৰ্যালয়ে-কাৰ্যালয়ে হাবাথুৰি খাই ফুৰিব নালাগে। বিধানসভাত ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগু।
উল্লেখ যে শিক্ষকসকলে বদলিৰ বাবে শিক্ষা বিভাগৰ অনলাইন পৰ্টেলত আৱেদন কৰিব পাৰিব।
গুৰুত্বপূৰ্ণ কথা শিক্ষকসকলৰ সময় আৰু কষ্ট লাঘৱ কৰি ছাত্ৰ-ছাত্ৰী শিক্ষাদানত যাতে অধিক মনোনিবেশ কৰিব পাৰে তাৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।













