![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাত মহকুমা আবকাৰী বিভাগ আৰু আৰক্ষী বিভাগে বৰ্তমান কভিড সংক্ৰমণৰ অন্যতম কাৰণ হিচাপে অবৈধ দেশীয় সুৰাৰ ব্যাপক প্ৰস্তুত, সেৱন আৰু ঘাটিসমুহক লক্ষ্য কৰি লৈছে আৰু তীব্ৰতৰ কৰি তুলিছে উৎক্ষাত অভিযান। কালি লৱনঘাট, কান্ধুলীমাৰি, তলগাওঁ আৰু লখৌজানৰ বিভিন্ন এলেকাত যুতীয়াভাবে অভিযান চলাই ৮০ লিটাৰ চুলাই মদ বনুৱা পাছ আৰু ২০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰি নষ্ট কৰে।
ইয়াৰ উপৰিও আৱকাৰী বিভাগে ২ টাকৈ চুলাই মদ তৈয়াৰ কৰা সা-সজুলিও জব্দ কৰি নষ্ট কৰে। আজিও বোকাখাত মহকুমা আৱকাৰী বিভাগে কহঁৰা শিলডুবী, ১ নং দগাওঁ, নুমলীগড়, ৰদুৱা গাওঁৰ বিভিন্ন এলেকাত অভিযান চলাই ১৪০ লিটাৰ চুলাই মদ বনুৱা পাছ, ২৫ লিটাৰ অবৈধ চুলাই মদ আৰু ভালে সংখ্যক চুলাই মদ তৈয়াৰ কৰা সা-সজুলি জব্দ কৰি নষ্ট কৰে।













