![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
মুখ্যমন্ত্রীৰ আসনত হিমন্ত বিশ্ব শর্মা বহাৰ পিছৰ পৰা ৰাজ্যত এনকাউন্টাৰৰ ঘটনা ঘটিছে ৩৫টা। প্রত্যেকবাৰেই আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাইছে অপৰাধী। এনকাউন্টাৰত মৃত্যু হৈছে ১৩ জনৰ। যাৰ ফলত ৰাজ্যত মানৱাধিকাৰ সন্দৰ্ভত প্রশ্ন উঠিছে। তাৰ মাজতেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয়, ৰাজ্যত ড্ৰাগছৰ সাম্রাজ্য চলিছে। নির্মূল কৰিবলৈ আৰক্ষীয়ে গুলী চলাবই। সমালোচনাক তেওঁ গুৰুত্ব নিদিয়ে বুলিও লগতে মুখ্যমন্ত্ৰীয়ে কয়।
বিধানসভাত সমালোচনাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘উড়তা পাঞ্জাব’ ছবিখনৰ দৰেই ড্ৰাগছ চক্রৰ দৌৰাত্ম্যত চকুৰ আগতে ‘উড়তা অসম’ সৃষ্টি হৈ গৈছে। ৰাজ্যত ৪০০ কোটি টকাৰ ড্ৰাগছ সাম্রাজ্য চলিছে। সেয়ে সমাজক ড্ৰাগছমুক্ত আৰু অপৰাধমুক্ত কৰিবলৈ আৰক্ষীয়ে আইনৰ আওতাত থাকি চূড়ান্ত পদক্ষেপ গ্ৰহণ কৰিবই।
বিধানসভাত কংগ্রেছ বিধায়ক ৰকিবুল হুছেইন, শ্বেৰমান আলী আদিয়ে আৰক্ষীৰ ভূমিকাৰ কঠোৰ সমালোচনা কৰে। তাৰ উত্তৰতেই হিমন্তই কয়, ‘এই চৰকাৰে অপৰাধৰ ক্ষেত্রত শূন্য সহনশীলতাৰ নীতি লৈছে। আৰক্ষীক গুলীয়ালে ওলোটাই গুলী খাবই। মই নিজে সকলো সমালোচনাৰ বিষ পান কৰিবলৈ প্রস্তুত। কিন্তু আৰক্ষীক দুর্বল কৰিব নোৱাৰিব।’













