![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি বিধানসভাৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে৷ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে জ্যোতিপ্ৰসাদৰ কবিতাৰ পংক্তিৰে আৰম্ভ কৰে তেওঁৰ প্ৰথমখন বাজেটৰ ভাষণ৷ লগতে তেওঁ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ বৰ্তমান বিধানসভাত বিত্তমন্ত্ৰীৰ বাজেট ভাষণ চলি আছে৷













