![]()
অজন্তা তালুকদাৰ
বোকাখাত : দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দেইথৰ বিবেকানন্দ মহাবিদ্যালয়ৰ উদ্যোগত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়, দেইথৰৰ সহযোগত যোৱা ১৫ জুলাই তাৰিখে “বিদ্যা-বিস্তাৰ” কৰ্মসূচীৰ অংশস্বৰূপে “আনলকিং এডুকেচন- এ প্ৰগ্ৰেম শ্বিফ্ট” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। অনলাইন মাধ্যমত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনত দেশৰ এক প্ৰসিদ্ধ শিক্ষাবিদ ড° আতিশী সিং মুখ্য অতিথি ৰূপে উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ মুৰব্বী ড° ৰাজীৱ গুপ্তাই “মুখ্য-বক্তব্য” প্ৰদান কৰে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক বন্দনা সিং আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই। আলোচনাচক্ৰখনিত আদৰণি ভাষণ আগবঢ়ায় বিবেকানন্দ কলেজৰ অধ্যক্ষ ড° হীনা নন্দৰাজুয়ে।
অনুষ্ঠানৰ আৰম্ভণিতে চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাই আলোচনাচক্ৰ খনৰ সম্পৰ্কত এক চমু ভাষণ প্ৰদান কৰে। ড° বৰাই দুয়োখন মহাবিদ্যালয় ক্ৰমে বিবেকানন্দ কলেজ আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ মাজত আৰম্ভ হোৱা “বিদ্যা-বিস্তাৰ” শীৰ্ষক শৈক্ষিক সহযোগিতা মূলক কাৰ্যসূচীৰ অধীনত ভৱিষ্যতে আৰু অধিক ফলপ্ৰসূ বিদ্যায়তনিক কাৰ্য্যসূচী ৰূপায়ন কৰা হ’ব বুলি মন্তব্য আগবঢ়াই। অনুষ্ঠানৰ আৰম্ভণিতে আয়োজন কৰা সংস্কৃতিক কাৰ্যসূচীত দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
স্মতব্য যে অনুষ্ঠানটিত চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ ছাত্ৰ-ছাত্ৰী সকলে কাৰ্বি লোক-কৃষ্টিক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰিবলৈ কৰা প্ৰয়াস আছিল আন এক উল্লেখযোগ্য দিশ। আলোচনা চক্ৰ খনিত দেশৰ বিভিন্ন প্ৰান্তৰ পায় ১৫০ শিক্ষাৰ্থী, গৱেষক আৰু শিক্ষক- শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰে ৩৬ গৰাকী অংশগ্ৰহণ কাৰীয়ে তেওঁলোকৰ গৱেষণাপত্ৰ পাঠ কৰে। অনুষ্ঠানটিত ড° আতিশী সিং, অধ্যাপক ৰাজীৱ গুপ্তা, ড° প্ৰাঞ্জল বুঢ়াগোহাঁই আদি বিশিষ্ট ব্যক্তি সকলে মহামাৰিকালীন পৰিস্থিতিত অনলাইন শিক্ষাৰ বিভিন্ন দিশ আৰু প্ৰত্যাহ্বান সমূহক সামৰি এক মনোগ্ৰাহী আলোচনা আগবঢ়ায়।













