![]()
অজন্তা তালুকদাৰ
বোকাখাত : উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সংগঠনসমূহেও সহজ উপাৰ্জনৰ পথ হিচাপে বাচি লৈছে গঁড়কে আদি কৰি দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ চোৰাংচিকাৰ, ড্ৰাগচ্, অস্ত্ৰ সৰবৰাহ আদিৰ বেহা। যোৱা ১২ জুলাইৰ নিশা বোকাখাত আৰক্ষীৰ নেতৃত্বত গোলাঘাট আৰক্ষী আৰু মণিপুৰ আৰক্ষীৰ সহযোগত বিশেষ সূত্ৰৰ পম খেদি সফল অভিযান চলাই মণিপুৰৰ পৰা আটক কৰা কুখ্যাত চোৰাং চিকাৰী থাংগৌসিং ভি খামখৌপ’ আৰক্ষীৰ সৈতে হোৱা এনকাউন্টাৰত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছে।
দুৰ্ধৰ্ষ মণিপুৰী গঁড় চিকাৰীটো বোকাখাত আৰক্ষীয়ে আদালতৰ অনুমতি সাপেক্ষে ন্যায়িক জিম্মাত ৰাখি সোধ পোচ অব্যাহত ৰাখিছিল। যোৱা নিশা বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চিকাৰীটোক লৈ চিকাৰীটোৱে লুকুৱাই থোৱা বুলি কোৱা বন্দুক বাৰুদ উদ্ধাৰৰ বাবে বোকাখাতৰ পানবাৰী ফৰেষ্ট ৰিজাৰ্ভত প্ৰৱেশ কৰিছিল। দোপালপিতা বৰষুণ আৰু ধুমুহাৰ মাজেৰেই আৰক্ষীৰ দলটো চিকাৰীটোক লৈ খোজকাঢ়ি অৰণ্যত প্ৰৱেশ কৰিছিল। ঠিক তেনে সময়তে দুৰ্ধৰ্ষ চিকাৰী টোৱে অভিযানত যোৱা আৰক্ষী জোৱান জুৱেল গগৈক আক্ৰমণ কৰি বন্দুক কাঢ়ি ল’বলৈ চেষ্টা কৰি পলায়ন কৰে। হঠাতে এনে কাণ্ডই আৰক্ষীৰ দলটোক হতচকিত কৰে যদিও নপলাবলৈ সতৰ্ক কৰি দুজাঁই গুলী ফুটায়। তাৰ পাছতো নোৰোৱাত ভৰিলৈ লক্ষ্য কৰি দুজাঁই গুলী ফুটাই আৰু এটা গুলীয়ে চিকাৰীটো সোঁ ভৰি বিদ্ধ কৰে।
আনহাতে চিকাৰীটোৱে পলাবলৈ চেষ্টা কৰোঁতে আক্ৰমণ কৰা আৰক্ষী জোৱান জুৱেল গগৈও গুৰুতৰভাৱে আহত হৈছে। দুয়োকে নিশাই বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা দি জে এম চি এইচলৈ প্ৰেৰণ কৰে। জোৱান জুৱেল গগৈয়ে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জেএমচিএইছতে চিকিৎসাধীন হৈ আছে।
ইফালে গুলীবিদ্ধ চিকাৰীটোক ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰিছে। গোলাঘাটৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে সাংবাদিকক যোৱা নিশাৰ অভিযান সম্পৰ্কে এই কথা জানিবলৈ দিয়ে। উল্লেখ্য যে উত্তৰপূৰ্বাঞ্চলৰ একাংশ উগ্ৰপন্থী সগঠত জড়িত হৈ পৰিছে খড়গ ব্যৱসায়ত। মণিপুৰ হৈ ম্যানমাৰলৈ কাজিৰঙাক সংযোগ কৰি গঢ়ি তুলিছে এক বিশাল নেটৱৰ্ক। সম্প্ৰতি কভিডৰ গণসংক্ৰমন ৰোধৰ স্বাৰ্থত ৰাজ্যখনত চলি থকা লক-ডাউনৰ সুযোগ পূৰ্ণ মাত্ৰাত গ্ৰহণ কৰি সম্প্ৰসাৰণ কৰিছে গঁড় চিকাৰৰ বৃহৎ নেটৱৰ্ক। উপাৰ্জনৰ সহজ পথৰ সন্ধানত পুনৰ সক্ৰীয় হৈছে চোৰাং চিকাৰী। ১২ জুলাইৰ নিশা বোকাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি গঁড় চিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলাই মণিপুৰৰ পৰা আটক কৰিছিল এই কুখ্যাত চোৰাং চিকাৰীটো। বোকাখাত আৰক্ষীয়ে ১২ জুলাইৰ ৰাতি মণিপুৰ আৰক্ষীৰ সহযোগত মণিপুৰৰ চূড়াচান্দপুৰ আৰক্ষী থানাৰ অধীনৰ এখন ভিতৰুৱা গাঁৱৰ পৰা এই নেটৱৰ্কৰ মাষ্টাৰ মাইণ্ড থাংগৌসিং ভি খামখৌপ’ নামৰ চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিছিল। কাজিৰঙাৰ গঁড় হত্যা, অস্ত্ৰ সৰবৰাহৰ লগত জড়িত আছিল ধৃত চোৰাংচিকাৰীটো। বোকাখাত আৰক্ষীয়ে পূৰ্বৰ কেচৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল চোৰাং চিকাৰীটোক।
বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই কুখ্যাত চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছল। ধৃত চোৰাং চিকাৰীটো ইয়াৰ আগতে এন এচ চি এন (আই এম) দলত আছিল আৰু পাছলৈ ‘জ’মি ৰিভলিউচনেৰী আৰ্মি’ নামৰ উগ্ৰপন্থী সংগঠন দুটাৰ সৈতে জড়িত আছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে উগ্ৰপন্থীৰ দল চোৰাং চিকাৰত জড়িত থকাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল।
বিশেষ সূত্ৰে জানিব পৰা মতে যি স্থানৰ পৰা চিকাৰীটোক গ্ৰেপ্তাৰ কৰা হৈছিল সেই স্থানলৈ যাবলৈ মণিপুৰ আৰক্ষীয়েও ভয় কৰে। মণিপুৰৰ দুগৰাকী সাহসী আৰক্ষী বিষয়াই অৱশ্যে অসম পুলিচক সহযোগিতা আগবঢ়াইছিল। এই দুগৰাকী বিষয়াই চিকাৰীৰ সৈতে যিকোনো মূহুৰ্তত সংঘৰ্ষ হোৱাৰ আশংকা কৰিছিল যদিও অসম আৰক্ষীৰ দলটোৱে লোৱা কৌশল পূৰ্ণ অভিযানত বিনা ৰক্তপাতে যোৱা ১২ জুলাইত কৰায়ত্ব কৰিছিল দুৰ্ধৰ্ষ চিকাৰীটোক। বোকাখাত আৰক্ষী থানাত কেচ নং ১৯৫/২০২০/১২০ বি/১২১/১২১ এ/৩৭৯/৪১১ আই পি চি আৰ ডব্লিউ ১৭/ ইউ এ (ডি) আৰু আৰ ডব্লিউ ৫১ (১-এ) ডব্লিউ এল (পি) ধাৰাৰ অধীনত চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰি আদালতৰ অনুমতি সাপেক্ষে অধিক তদন্ত, আৰু অধিক তথ্য উদঘাটনৰ বাবে সোধ পোচ অব্যাহত ৰখা অৱস্থাতে যোৱা নিশা এনকাউন্টাৰ সংঘটিত হয়।













