ছাইদুল ইছলাম
ডিফু : ডিফুত পূজাৰীৰ বিৰুদ্ধে এগৰাকী ১৫ বছৰীয়া নাবালিকা ধৰ্ষণৰ অভিযোগ উত্থাপিত হ’ল ৷ আটক হ’ল এগৰাকী পূজাৰী ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ সমীপৱৰ্তী মাটিপুং ৰংকাংথিমৰ ওচৰত সংঘটিত হৈছে এনে জঘণ্য কাণ্ড ৷ ভুক্তভোগী শিশু কন্যাগৰাকীৰ গাঁৱত নেটৱৰ্কৰ সু-সুবিধা নথকাত অভিভাৱকে নাবালিকাগৰাকীক মাটিপুঙৰ ৱেলচন তিচ’ৰ ঘৰত অনলাইন পৰীক্ষা দিবলৈ নাবালিকাগৰাকীক ৭ দিনৰ বাবে থৈছিল৷ নাবালিকাগৰাকী ৱেলচনৰ ঘৰতে অনলাইন পৰীক্ষা দিয়াৰ বাবে আশ্ৰয়লৈ থকাৰ সময়তে সংঘটিত হৈছিল উক্ত ধৰ্ষণ কাণ্ড ৷
উইমেন জাষ্টিচ ফৰাম চমুকৈ কেএডব্লিউজেএফৰ সভানেত্ৰী বিউলেট বে’পীয়ে সংবাদ মাধ্যমৰ ওচৰত অভিযোগ কৰা অনুসৰি যোৱা ২২ জুলাইত নিশা নাবালিকা গৰাকীক ধৰ্ষণ কৰে ৷ ধৰ্ষণৰ পৰ্বে তেওঁৰ ঘৰত থকা আন এগৰাকী ছোৱালীক মদ্যপান কৰাইছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷ ৱেলচন তিচ’ কাৰবি কুৰুচাৰ চিংৰুম আমেইৰ সম্পাদক হয় ৷ ধৰ্ষণ কৰাৰ পিছত ধৰ্ষিতা নাবালিকাগৰাকীক অভিযুক্ত ৱেলচন তিচ’ৱে বলপূৰ্বক বন্দী কৰি থৈছিল যদিও যোৱা নিশা নাবালিকাগৰাকীয়ে কোনোমতে পলাই সাৰে আৰু মাতৃৰ সৈতে আহি কেএডব্লিউ জেএএফ আৰু ইউকেএডব্লিউএ সকলো বিৱৰি কয় ৷
শনিবাৰে কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএই অভিযুক্ত ধৰি আনি ডিফু থানাত চমজাই দিয়ে ৷ এই সন্দৰ্ভত ধৰ্ষিতাৰ মাতৃৰ এজাহাৰ ভিত্তিত ডিফু থানাত ২০০/২০২১ নম্বৰত এক গোছৰ ৰুজো দি ৱেলচন টিচ’ক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
আনহাতে কেএডব্লিউজেএফ আৰু ইউকেএডব্লিউএই দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ভুক্তভোগীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় ৷