![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ কাকীৰ তিনি হাজাৰ বিঘাত ভুমি সংৰক্ষণ বিভাগে ১৯৮৬ চনতে স্থাপন কৰা চৰকাৰী ৰাবাৰ বাগনত এটা বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ খেতি কৰি ৰাবাৰ বাগানখন ধংসৰ মুখলৈ ঠেলি দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি ৬ জুনত উল্লেখিত ভূমিৰ পৰা ১৫টাকৈ পৰিয়ালক উচ্ছেদিত কৰি ২৭৫ বিঘাকৈ মাটি বেদখলমুক্ত কৰিছিল যদিও উচ্ছেদিত লোকসকল সেই স্থানৰ পৰা আঁতৰি যোৱা নাছিল। যাৰ বাবে শনিবাৰে কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকাই ভ্ৰমণ কৰে উচ্ছেদিত অঞ্চল ।
পৰিদৰ্শন কৰে চৰকাৰী ৰাবাৰ বাগানৰ বেদখলকাৰ্য । হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন বিভাগ আৰু স্হানীয় নেতা-কৰ্মীক লগত লৈ পৰিদৰ্শন কৰাৰ পাছতে অঞ্চলটোত কোনো কাৰণতে চৰকাৰী ভূমিত বেদখল কৰিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিয়ে । উচ্ছেদিত ভূমিত খেতি কৰি থকাৰ বাবে মানৱীয় দৃষ্টিভংগীৰে বেদখলকাৰীক এমাহৰ সময়সীমা বান্ধি দি অঞ্চলটোৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীয়ে।












