![]()
ছাইদুল ইছলাম
ডিফু : যোৱা ২০ জুলাইৰ পৰা সন্ধানহীন হৈ থকা বকলীয়াঘাটৰ এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ কালি বিয়লি আৰক্ষীয়ে এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰাৰ ঘটনাক কেন্দ্ৰকৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ মহিলাগৰাকীৰ স্বামী পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বকলীয়াঘাট ৰজাপথাৰ তিনিআলিৰ ৰশ্মি শইকীয়া (৪০) নামৰ মহিলাগৰাকী যোৱা ২০ তাৰিখে স্বামী গৃহৰ পৰা বকলীয়াঘাট চিকাৰী পথাৰস্থিত পিতৃগৃহত খেতিৰ বাবে ধন নিবলৈ বুলি স্বামী গৃহৰ পৰা ওলাই আহে ৷ তেতিয়াৰে পৰা নিখোজহৈ থকা মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে আত্মীয়-স্বজন আৰু চাৰিওফালে বিচাৰ খুচাৰ কৰিও শুং-সুত্ৰ উলিয়াব নোৱাৰিলে ৷ কালি বকলীয়াঘাট থানাত এজাহাৰ দিবলৈ আহি থানা চৌহদত এখন টাটা মোবাইলত এটি মৃতদেহ প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷
ইফালে টাটা মোবাইলখনৰ চালক তথা স্বত্বাধিকাৰী মনোজ চাহু নামৰ লোকজনে জানিবলৈ দিয়া অনুসৰি কালি বিয়লি ডকমকা থানাৰ অন্তৰ্গত মহামায়াৰ চাৰ্থে ৰংহাঙ গাঁৱত থকা শহুৰৰ ঘৰত এজন পুৰুষৰ সৈতে মহিলা গৰাকী উপস্থিত হয় ৷ অসুস্থ মহিলাগৰাকীক উক্ত স্থানতে মূৰত পানী ঢালি সুস্থ কৰাৰ চেষ্টা কৰি থকাৰ অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু হয় ৷
ইয়াৰ পিছতে নিজকে মৃত মহিলাগৰাকীৰ স্বামী বুলি পৰিচয় দিয়া লোকজনৰ সৈতে মনোজ চাহুৱে নিজৰ এএছ ০২ চি ৫৩৬৫ নম্বৰৰ টাটা মোবাইলেৰে মৃতদেহটো ডকমকাৰ পৰা লৈ আহে ৷ টাটা মোবাইলৰ চালকগৰাকীৰ ভাষ্য অনুসৰি মৃতদেহটো প্ৰথমে তেওঁক হাওৰাঘাটৰ সমীপৱৰ্তী কাংকি বস্তিলৈ লোৱা বুলি কোৱা হৈছিল যদিও পিছত কাংকি বস্তিৰ পৰিৱৰ্তে মৃতদেহটো চামগুৰিলৈ লৈ যোৱা হয়৷ চামগুৰিৰ অৰ্ধনিৰ্মিত এখন দলঙৰ সমীপত টাটা মোবাইল সহ মৃতদেহটো এৰি উক্ত লোকজন পলাই যায় ৷ উপায় নাপাই মনোজ চাহুৱে মৃতদেহ লৈ ৰজাপথাৰত প্ৰৱেশ কৰে ৷ এনে অৱস্থাতে ৰজাপথাৰৰ কাছমাৰীত স্থানীয় আৰক্ষীয়ে তালাচী চলাই টাটা মবাইলত মৃতদেহটো প্ৰত্যক্ষ কৰি বাহনসহ মৃতদেহটো বকলীয়াঘাট থানালৈ প্ৰেৰণ কৰে ৷ আজি পুৱাৰ ভাগত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷
ইফালে পাঁচটা সন্তানৰ মাতৃ ৰশ্মি শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোৱে বকলীয়াঘাট এলেকাত আজি ব্যাপক চৰ্চা লাভ কৰিছে ৷ বিশেষকৈ বকলীয়ায়াঘাটৰ এগৰাকী গৃহিনীৰ কি পৰিস্থিতিত ডকমকাৰ ভিতৰুৱা স্থানত উপস্থিত হ’বলগীয়া হ’ল সেই লৈ নানা প্ৰশ্নৰ উদ্ৰেক হৈছে ৷
আনহাতে মহিলাগৰাকীৰ গাত ক্ষত চিহ্ন স্পষ্ট থকা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ৷ সমগ্ৰ ঘটনাকলৈ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ পৰিকল্পতিভাৱে হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে৷












