![]()
ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ ধনশিৰি পৰিষদীয় সমষ্টি দুখন ভিতৰুৱা গাঁৱত ডিফু মিউনিচিপালটিৰ ৱাৰ্ড কমিচনাৰ ছিমন ফাংচ’ৱে বিতৰণ কৰে মাস্ক ছেনিটাইজাৰ আৰু ভলীবল খেলৰ যাৱতীয় ক্ৰীড়া সামগ্ৰী ৷ শনিবাৰে ধনশিৰি পৰিষদীয় সমষ্টিৰ ৰূপছিং হাঞ্চে আৰু মোহন লেকথে গাঁৱত উপস্থিত হৈ স্থানীয় লোকৰ মাজত বিতৰণ কৰে উক্ত সামগ্ৰীখিনি ৷ গাওঁখনৰ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ ক্ৰীড়া সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি গাওঁখনৰ একাংশ পথৰ দূৰৱস্থাৰ প্ৰতি লক্ষ্য কৰি ৱাৰ্ড কমিচনাৰগৰাকীয়ে নিজা খৰচত বোকাময় আৰু জৰাজীৰ্ণ পথসমূহ এক্সকেভেটৰৰ সহায়ত পৰিষ্কাৰ কৰাৰ লগতে যাতায়তৰ বাবে সাময়িক ভাবে সুচল কৰি তোলে ৷ ভূপেন হাঞ্চু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৈ থকা সময়তে গাঁও দুখনত ৰদপথ নিৰ্মাণ হৈছিল ৷ তাৰ পিছৰ পৰা গাওঁ দুখনে বাট-পথৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত উন্নয়নৰ পোহৰ দেখা নাপালে বুলি স্থানীয়লোকে অভিযোগ কৰিছে ৷
আনহাতে ধনশিৰি পৰিষদীয় সমষ্টিৰ বৰ্তমানৰ শাসনাধীষ্ট ইএম গৰাকীয়েও গাওঁ দুখনৰ উন্নয়নৰ প্ৰতি পিঠি দিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ ডিফু মিউনিচিপালটি বোৰ্ডৰ ৱাৰ্ড কমিচনাৰ ছিমন ফাংচ’ৱে গাওঁ দুখনৰ দুখ-দুৰ্দশাৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে স্থানীয় ৰাইজে শলাগ লৈছে ৷ ভৱিষ্যতে বিজেপিৰ “সবকা সাথ সবকা বিকাশ ” মন্ত্ৰই গাঁও দুখনৰ কিমানদূৰ প্ৰভাৱ পেলাব পাৰে বৰ্তমান সময়ত সেয়া লক্ষণীয় হৈ পৰিছে ৷













