![]()
নগাঁও : কোভিড সৃষ্ট জটিল পৰিবেশৰ মাজত দেখা দিয়া অচলাৱস্থাৰ বাবে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগাত পৰিছে । সেয়ে এনে জটিল ক্ষণত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ কাষত জনপ্ৰতিনিধি অথবা বিভিন্ন ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি থিয় হৈ তেওঁলোকক সাহাৰ্য্য প্ৰদানেৰে সকাহ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা আজি নগাঁও চহৰৰ শিৱনগৰ অঞ্চলৰ তিনি কুৰিৰো অধিক আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ পৰিয়ালক কোভিড সাহাৰ্য্য বিতৰণ কৰা হয়। কোভিড প্ৰট’কল মানি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই কোভিড সাহাৰ্য্যৰ বাবদ পৰিয়াল কেইটাক খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে বহী, কলম আদি বিতৰণ কৰে। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ে কোভিড সৃষ্ট জটিল ক্ষণত আৰ্তজনৰ কাষত থিয় দিয়া কাৰ্যক অঞ্চলটোৰ লোকসকলে প্ৰশংসা কৰে। দিনদিয়েক পূৰ্বে নগাঁৱৰ মাজৰআটি গাঁৱত শিক্ষা প্রতিষ্ঠানখনে অৰ্ধ শতাধিক পৰিয়ালক কোভিড সাহাৰ্য্য বিতৰণ কৰিছিল।
আনহাতে কোভিড সাহাৰ্য্য বিতৰণ কৰি অধ্যক্ষ দিলীপ কুমাৰ বৰাই ইয়াৰ দ্বাৰা দুৰ্যোগৰ সময়ত পৰিয়াল কেইটাই কিঞ্চিৎ হ’লেও সকাহ পাব বুলি আশা প্ৰকাশ কৰে । সাহাৰ্য্য বিতৰণ অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা, জ্যেষ্ঠ নাগৰিক জীৱন চন্দ্ৰ বৰা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সাংবাদিক জিতেন বৰকটকী, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা ড: ৰাতুল নাথ, ৰঞ্জু দাস,হীৰু ডেকা,মৃণাল বৰা, জয়ন্ত বেজবৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখ্য যে সামাজিক দায়ৱদ্ধতা ৰক্ষা কৰি ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ে কৰুণা ধাৰা , চৰকাৰৰ কোভিড সাহাৰ্য্য পুঁজি আদিৰ লগতে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি অথবা প্ৰতিষ্ঠানক আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে।












