ছাইদুল ইছলাম
ডিফু : অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ লাহৰিজান শাখাত ব্যাপক বেংক জালিয়াতিৰ কথা পোহৰলৈ অহাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ভয়ংকৰ বেংক জালিয়াতি সংঘটিত কৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ খোদ শাখা প্ৰবন্ধকে । ৬ কোটিতকৈ অধিক টকা আত্মসাত কৰি এতিয়া পলাই ফুৰিছে দিব্য জ্যোতি কলিতা নামৰ প্ৰবন্ধক ৰূপী প্ৰবঞ্চকটো ।
দীৰ্ঘদিন ধৰি দিব্য জ্যোতি কলিতাই বেংকৰ সৈতে সংঘটিত কৰি আহিছিল এই প্ৰবঞ্চনা । দীৰ্ঘদিন ধৰি এই কাণ্ড সংঘটিত কৰি আহিছিল যদিও বেংকৰ উৰ্দ্ধতম ঘুণাক্ষৰেও জ্ঞাত নাছিল বেংকটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষ ৷ গমেই পোৱা নাছিল এই শাখা প্ৰৱন্ধকৰ উক্ত বৃহৎ জালিয়াতিৰ কথা । অতি চতুৰ দিব্য জ্যোতি কলিতাই কৌশলগতভাবে ভুৱা একাউণ্ট খুলি বেংকৰ ধন স্থানান্তৰ কৰিছিল সেইসমূহ ভুৱা একাউণ্টলৈ আৰু তাৰ পিছত নিজেই নগদ ধন উঠাই লৈছিল দিব্য জ্যোতি কলিতাই। দীৰ্ঘ সময় ধৰি চলাই থকা জালিয়াতিৰ কথা তেতিয়ালৈ উৰ্দ্ধত্বম কৰ্তৃপক্ষই ধৰিবই পৰা নাছিল ।
কিন্তু যোৱা কিছুদিন পূৰ্বে দিব্য জ্যোতি কলিতাই বেংকৰ পৰা একেলগে মোটা অংকৰ ধন উঠাইছিল বেংকৰ পৰা আৰু তাৰ পিছত হে উৰ্দ্ধত্বম কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ হৈছিল উক্ত ভয়ংকৰ জালিয়াতি কথা ৷ আৰু তাৰ পিছতেই আৰক্ষীৰ কাষ চাপিছে বেংকৰ উৰ্দ্ধত্বম কৰ্তৃপক্ষই। এই সংক্ৰান্তত বোকাজানৰ খটখটি থানাত দাখিল কৰিছে এখন এজাহাৰ আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে IPC 420/409 ধৰাৰ অধীনত 89/2021 নম্বৰত গুৱাহাটীৰ নুনমাটিৰ নিবাসী প্ৰবন্ধকে ৰূপী প্ৰবঞ্চকৰ বিৰুদ্ধে ৰুজু কৰিছে এক গোচৰ ।
আনহাতে অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰবি আংলং জিলাৰ আঞ্চলিক প্ৰৱন্ধক ভাষ্কৰ জ্যোতি সেনাপতিয়ে সাংবাদিকৰ আগত কয় যে, অসম গ্ৰামীণ বিকাশ বেংকৰ লাহৰিজান শাখা প্ৰৱন্ধকজনে বেংকটোৰ এক আভ্যন্তৰীণ একাউণ্টৰ পৰা ধনখিনি আন একাউণ্টলৈ স্থানান্তৰ কৰি সৰকাই নিছিল ৷ ইয়াৰদ্বাৰা গ্ৰাহকৰ একাউণ্টত প্ৰভাৱ নপৰে বুলি কয় শীৰ্ষ বিষয়াজনে ৷ এই সন্দৰ্ভত যোৱা মাহত খটখটী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ উক্ত ঘটনাৰ পিছত এনে জালিয়াতি যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে শাখাসমূহৰ আভ্যন্তৰীণ একাউন্টসমূহ ফিক্সড ডেপজিট কৰি দিয়া হৈছে ৷