![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুৰ ৰংমংবে’ৰ সৰবৰাহী ব্যক্তি মুখিম ইংতিৰ দেহাৱসান হয় ৷ ইংতিৰ মৃত্যুত সমগ্ৰ ডিফুত শোকৰ ছাঁ পৰিছে ৷ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে দেউবাৰে নিশা ৭ মান বজাত মুখিম ইংতিৰ আকষ্মিকভাবে নিজা বাসভৱনৰ স্নানাগাৰত পিছল খাই দুৰ্ঘটনা গ্ৰস্থ হয় ৷ তৎক্ষণাত মুখিম ইংতিক চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধ বাটতে শেষ নিশ্বাস ত্যাগ কৰে ৷
উল্লেখযোগ্য যে প্ৰয়াত মুখিম ইংতি আৰক্ষী চক্ৰ পৰিদৰ্শক চিৰাজ ইংতিৰ পিতৃ ৷ প্ৰয়াত মুখিম ইংতি ১৯৯৫ চনত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত নাজিৰৰ দায়িত্ব নিৰ্বাহ কৰিছিল৷ ইয়াৰোপৰি প্ৰয়াত ইংতি বিভিন্ন সামাজিক কামৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত আছিল বৰ্তমান ৰংমংবে গাঁৱৰ গাওবুঢ়া আছিল ৷ মৃত্যুৰ সময়ত প্ৰয়াত ইংতিয়ে ইহসংসাৰত পুত্ৰ, কন্যা সন্তান আৰু নাতি এৰি থৈ গৈছে ৷ মঙলবাৰে প্ৰয়াত মুখিম ইংতিৰ সৎকাৰ কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷













