ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিত নাম সন্নিৱিষ্ট নোহোৱাসকলক লৈ সষ্টম হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়।
অসমৰপৰা যাতে এনে কোনো লোকে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ অৰ্থে ইয়াৰ ভিন্ন জিলাত ৩০ খন তালাচী চকী স্থাপন কৰা হৈছে।
শেহতীয়াকৈ এই কথা সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
তেওঁ কয় যে এনআৰচি প্ৰকাশৰ পাছতেই মেঘালয়ত প্ৰৱেশ কৰা ২২৩ জন লোকক পুনৰ অসমলৈ ঘূৰাই পঠিওৱা হৈছে। উল্লেখ্য, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডো ইয়াকে লৈ সষ্টম হৈ পৰিছে।













