![]()
নিউজ ডেস্কঃ
অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত মিজো দুৰ্বৃত্তৰ সৈতে হোৱা অসম আৰক্ষীৰ সংঘৰ্ষই চূড়ান্ত ৰূপ লৈছে৷ সীমান্ত অঞ্চলটোত সৃষ্টি হৈছে যুদ্ধসদৃশ পৰিস্থিতি। জানিব পৰা মতে, দুয়ো ৰাজ্যৰ সীমান্তত হোৱা উক্ত সংঘৰ্ষত অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে অসমৰ ৬গৰাকীকৈ আৰক্ষী জোৱানে৷ মিজো দুৰ্বৃত্তৰ গুলীত উক্ত জোৱান কেইজনে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছে আন প্ৰায় ৬০জন৷
আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে উক্ত ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে নিহত কেইজনৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে৷ ইতিমধ্যে ঘটনাৰ চৰজমিন তদন্তৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু পৰিমল শুক্লবৈদ্য। জানিব পৰা মতে এতিয়াও উত্তপ্ত হৈ আছে অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চল৷
উল্লেখ্য, উক্ত ঘটনাত গুলীবিদ্ধ হৈছে কাছাৰৰ আৰক্ষী অধীক্ষকৰ লগতে ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী৷ আনহাতে, ভাঙি চূড়মাৰ হৈছে কাছাৰৰ উপায়ুক্তৰ বাহনখনো৷ আহতসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে৷ আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷













