![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম-মিজোৰাম সীমান্তত সংঘৰ্ষৰ পিছত পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। ইয়াৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই স্পষ্টকৈ জনাই দিলে, অসম চৰকাৰে সীমান্তত শান্তি বিচাৰে। কিন্তু তাৰ বাবে এক ইঞ্চি মাটিও এৰি দিয়া নহ’ব।

মঙলবাৰে শিলচৰ হস্পিটেললৈ সংঘর্ষত আহতসকলৰ খবৰ ল’বলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘এই সংঘর্ষ দুটা ৰাজনৈতিক দলৰ মাজত হোৱা নাই। হৈছে দুখন ৰাজ্যৰ মাজত। অসমত যেতিয়া কংগ্রেছ ক্ষমতাত আছিল তেতিয়াও সংঘর্ষ হৈছে। আমি শান্তি বিচাৰো। তাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিব লাগে কৰিম। কিন্তু এক ইঞ্চি মাটিও নিদিওঁ। তেওঁলোকৰ মাটিও দখল কৰিব নাযাওঁ।’’













