![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কোভিডৰ নতুন এছঅ’পি৷ ২৬ জুলাইৰ পৰা ৩১ জুলাইলৈ বলৱৎ থাকিব এই এছঅ’পি৷ নতুন এছঅ’পি অনুসৰি, গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টীয়া সান্ধ্য আইন৷
গোৱালপাৰা, মৰিগাঁও, যোৰহাট, শোণিতপুৰ, বিশ্বনাথত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন৷ এই ৫ জিলাত দিনৰ ১ বজালৈ খোলা থাকিব দোকান-বজাৰ৷ ২৭ জিলাত অব্যাহত থাকিব পূৰ্বৰ নিয়ম৷ একেদৰে গুৱাহাটী মহানগৰীতো বাহাল থাকিব পূৰ্বৰ নিয়ম ৷













