ASSAM TIMES POST
গুৱাহাটীঃ বিপিএফৰ মুৰব্বী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যোৱা সোমবাৰে গুৱাহাটীত অনুষ্ঠিত ‘নেডা’ৰ সভাত এনডিএফবি (এছ)ক মূল সূঁতিলৈ ঘূৰাই অনাৰ সপক্ষে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।
এই সম্পৰ্কত শৰণীয়াই বুধবাৰে সংবাদ মাধ্যমত কয় যে বহু বছৰ ধৰি এনডিএফবি (এছ)ৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে সম্পৰ্ক ৰক্ষা কৰি আহিছে।
সেই কথা এতিয়া ওলাই পৰিছে। সাংসদজনে আগন্তুক বিটিএডিৰ নিৰ্বাচনৰ প্ৰসংগতো কয় যে তেওঁলোকে বিটিচি দখল কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।
বিটিএডিৰ ৩৫ খন আসনতে জয়লাভ কৰিব বুলি উল্লেখ কৰে নিৰ্দলীয় সাংসদজনে।













